Local, Vocal, Global

Daily Horoscope for 8th June : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মনৰ অস্থিৰতাই আপোনাক বিভ্ৰান্তিকৰ পৰিস্থিতিত ৰাখিব ৷ চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশ ৷ নতুন কামৰ বাবে অনুপ্ৰাণিত ৷ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত চাপ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক অনুকূল ৷

বৃষ ৰাশি: সম্পূৰ্ণ সুস্থিৰভাৱে কাম কৰক ৷ ভ্ৰমণত বাধা ৷ ভাতৃ-ভগ্নীৰ পৰা মৰম আৰু সমৰ্থন লাভ ৷ স্বাস্থ্য অনুকুল ৷ বিৰোধী পৰাজিত হোৱাৰ সম্ভাৱনা ৷ শাৰিৰীক দৃষ্টিভংগীৰ পৰা এটা মধ্যমীয়া দিন ৷

মিথুন ৰাশি: দিনটোৰ আৰম্ভণিতে শৰীৰ আৰু মন সতেজ থাকিব ৷ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে প্ৰিয় খাদ্য গ্ৰহণৰ সুযোগৰ সম্ভাৱনা ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷

কৰ্কট ৰাশি: পৰিয়ালৰ সৈতে কাজিয়া-বিবাদৰ সম্ভাৱনা ৷ কাৰোবাৰ লগত ভুল বুজাবুজি বা তৰ্ক হোৱাৰ সম্ভাৱনা ৷ স্বাস্থ্য সম্পৰ্কীয় অসাৱধানতাই ক্ষতি কৰাৰ সম্ভাৱনা ৷ আদালতৰ বিষয়ত সাৱধান ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অতি লাভদায়ক ৷ কিন্তু আপোনাৰ মনটো কিবা এটা কথাত বিভ্ৰান্ত হৈ থাকিব ৷ বন্ধু-বান্ধৱীক লগ পালে লাভ হ’ব ৷ বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লাভ ৷ ঘৰতে কোনো শুভ কাম কৰিব পাৰে ৷

কন্যা ৰাশি: আজি নতুন কামৰ পৰিকল্পনা কৰিব ৷ ব্যৱসায়ী আৰু কোনো কামত নিয়োজিত লোকৰ বাবে আজি লাভজনক দিন ৷ ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা ৷ আপুনি যিকোনো বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ পিতৃৰ পৰা লাভ হ’ব ৷ স্বাস্থ্য ভাল ৷ কোনো চৰকাৰী কামৰ বাবে ওলাই যাব লাগিব পাৰে ৷

তুলা ৰাশি : আজি কৰ্মক্ষেত্ৰত আপোনাৰ বিষয়াসকলৰ অসন্তুষ্টি সহ্য কৰিব লাগিব ৷ ব্যৱসায়ত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ৷ ল’ৰা-ছোৱালীক লৈ চিন্তা বৃদ্ধি হ’ব পাৰে ৷ ধৰ্মীয় যাত্ৰাৰো সম্ভাৱনা আছে ৷ স্বাস্থ্যৰ প্ৰতি অসাৱধানতাই আপোনাৰ ক্ষতি কৰিব পাৰে ৷

বৃশ্চিক ৰাশি : এতিয়া শান্তিৰে সময় কটালে লাভজনক হ’ব ৷ নিজৰ খং নিয়ন্ত্ৰণত ৰাখক ৷ অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ অত্যধিক ধন ব্যয়ৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব ৷ আপোনাৰ কাম সময়মতে সম্পূৰ্ণ নহ’ব ৷ খোৱা-বোৱা ক্ষেত্ৰত যত্ন লওক ৷ শাৰীৰিক আৰু মানসিক ৰোগ বৃদ্ধি হ’ব পাৰে ৷

ধনু ৰাশি: আজি বৌদ্ধিক আৰু যুক্তিসংগত চিন্তাৰে কঠিন কামবোৰো সহজে কৰিব পাৰিব ৷ সমাজত সন্মান বৃদ্ধি হ’ব ৷ বন্ধু-বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিব ৷
স্বাস্থ্য ভালে থাকিব ৷ বন্ধু-বান্ধৱীৰ লগত থাকিলে ভাল লাগিব ৷

মকৰ ৰাশি : আজি আপুনি আপোনাৰ ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰিব, কিন্তু আইনী বিষয়ত সাৱধান হওক ৷ ব্যৱসায়ৰ সন্দৰ্ভত কৰা পৰিকল্পনা সফলতাৰে সম্পূৰ্ণ হ’ব ৷ কাৰোবাৰ লগত ধনৰ লেনদেন সফলভাৱে সম্পূৰ্ণ হ’ব ৷ যিকোনো কামত সফলতা পাব ৷

কুম্ভ ৰাশি: আজি আপুনি আপোনাৰ সন্তান আৰু আপোনাৰ স্বাস্থ্যৰ বাবে আপুনি চিন্তাত পৰিব ৷ বদহজম আৰু পেটৰ বিষৰ সমস্যা হ’ব ৷ আজি নতুন কাম আৰম্ভ কৰাটো শুভ নহ’ব ৷ ভ্ৰমণত বাধা, সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়াটোৱেই ভাল হ’ব ৷ আজি কৰ্মস্থলীত কাম কৰিবলৈ মন নাযাব ৷

মীন ৰাশি: পৰিয়ালৰ সদস্যৰ লগত তৰ্ক-বিতৰ্ক হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব ৷ টোপনিৰ অভাৱত আপোনাৰ অশান্তি বৃদ্ধি পাব ৷ ধন-সম্পত্তি আৰু খ্যাতি হেৰুওৱাব ৷ পানী বেছি থকা ঠাইৰ পৰা আঁতৰি থাকক ৷