Daily Horoscope for 8th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ অবিবাহিত লোকসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে । প্ৰেম সম্পৰ্কত কোনো নতুনত্ব নাই ।আপুনি বিনিয়োগ কৰিলে লাভজনক হ’ব । কৰ্মক্ষেত্ৰত সুখবৰ লাভ কৰিব । ব্যৱসায়ীসকলৰ বাবে শুভ ৷ ঋণ লোৱাৰ পৰা বিৰত থাকক।
বৃষ ৰাশি : প্ৰেম সম্পৰ্ক শুভ । বিবাহিত লোকসকলৰ জীৱনত সুখ-শান্তি বিৰাজ কৰিব। পৰিয়ালৰ সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে ৷ এই সপ্তাহত আপোনাৰ স্বাস্থ্য শুভ ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ যদিও, পঢ়াত অন্যমনস্ক হ’ব পাৰে । পৰিয়ালৰ ক্ষেত্ৰত ধন বিনিয়োগ কৰিব লগা হ’ব পাৰে ।
মিথুন ৰাশি : অবিবাহিত লোকসকলে জীৱন সংগী বাছি ল’ব পাৰে ৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত তিক্ততা থাকিব । বিবাহিত লোকসকল গাৰ্হস্থ্য জীৱনত সুখী হ’ব । আৰ্থিক দিশত শুভ । ব্যয় অব্যাহত থাকিব। নিবনুৱাসকলে ভাল কৰ্মসংস্থাপন লাভ কৰিব ।
কর্কট ৰাশি : পৰিয়ালৰ সহযোগিতা লাভ কৰিব । প্ৰেমৰ সম্পৰ্ক সুখৰ হ’ব । এই সপ্তাহটো বিবাহিত লোকসকলৰ বাবে শুভ। ধন লাভৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি মজবুত হ’ব ৷ আধৰুৱা কাম সম্পূৰ্ণ হ’ব । ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ উচ্চ শিক্ষা লাভ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে শুভ।
সিংহ ৰাশি : বিবাহিত লোকসকলৰ বাবে শুভ । জীৱন সংগীৰ সৈতে সময় কটাওক । প্ৰেমত সাৱধান হওক ৷ ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ আপোনাৰ ব্যৱসায়ত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে । চাকৰিয়াসকলৰ বাবে শুভ। যাত্ৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে ।নিজৰ প্ৰিয় কামবোৰ কৰক ৷ মাতৃৰ সংগ লাভ কৰিব।
কন্যা ৰাশি : পাৰিবাৰিক জীৱনত সুখ বিৰাজ কৰিব । জীৱন সংগীৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হৈ থাকিব পাৰে । প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল নহ’ব । নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ যোগ আছে । চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে ।ভাতৃ-ভগ্নীৰ মাজত চলি থকা বিবাদৰ অন্ত পৰিব । সন্তানৰ ভুল সংগই পিতৃ-মাতৃক অশান্তি দিব পাৰে । সন্তানৰ সৈতে সময় অতিবাহিত কৰক ৷
তুলা ৰাশি : কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে । জীৱন সংগীৰ আচৰণ অলপ সলনি হ’ব পাৰে । আৰ্থিক স্থিতি মিশ্ৰিত ৷ আয় বাঢ়িব, কিন্তু ব্যয়ো বেছি হ’ব । নিবনুৱা লোকসকলে ভাল কৰ্মসংস্থাপন লাভ কৰিব । শিক্ষাৰ্থীসকলৰ বাবে শুভ । উচ্চ শিক্ষাৰ বাবে শুভ। বিদেশত শিক্ষা লাভৰ সুযোগ আছে ।
বৃশ্চিক ৰাশি : এই সপ্তাহটো উত্থান-পতন হ’ব । প্ৰেমৰ বাবে শুভ ৷ বিবাহিতসকলৰ বাবে শুভ ৷ কোনো ব্যক্তিৰ হস্তক্ষেপে বিবাদৰ সৃষ্টি কৰিব । বিনিয়োগৰ ক্ষেত্ৰত শুভ । ব্যৱসায়ত শুভ। শিক্ষাৰ্থীসকলে গুৰুৰ সান্নিধ্য লাভ কৰিব ৷ স্বাস্থ্য শুভ ৷ দৈনন্দিন সময়সূচীত মৰ্নিং ৱাক, যোগাভ্যাস আৰু ধ্যান অন্তৰ্ভুক্ত কৰক ৷
ধনু ৰাশি : প্ৰেমত উত্থান-পতন হ’ব । ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে । বিবাহিত লোকসকলে সমস্যাৰ সন্মুখীন হ’ব । জীৱন সংগীৰ নতুন পৰিকল্পনাত সহায় কৰক ৷ ধন লাভ কৰিব ৷ ব্যৱসায়ত শুভ ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ। পৰিয়ালৰ সহযোগিতা লাভ কৰিব । পৰিয়ালৰ সৈতে ধৰ্মীয় অনুষ্ঠানত যোগদান কৰক ৷ ভাতৃৰ সহযোগিতা প্ৰাপ্ত কৰিব ।
মকৰ ৰাশি : প্ৰেম সম্পৰ্কৰ বাবে সময় অতি শুভ । আপোনাৰ আৰু প্ৰিয়জনৰ মাজৰ দূৰত্ব কমি আহিব । সন্তান প্ৰাপ্তিৰ সুখ লাভ কৰিব । পৈতৃক ব্যৱসায় কৰি থকাসকলে ব্যৱসায়লৈ কিছু পৰিৱৰ্তন আনক । দিনক দিনে আয় বৃদ্ধি হ’ব । চাকৰিয়াল লোকসকলে চাকৰি সলনি কৰাৰ সুযোগ পাব । স্বাস্থ্য কুশলে থাকিব । ঘৰত শুভকাৰ্যৰ আয়োজন কৰক ৷
কুম্ভ ৰাশি : এই সপ্তাহত আপুনি উদ্যমেৰে পাৰ কৰিব । পৰিয়ালত সুখ বিৰাজ কৰিব । জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। পৰিয়ালৰ আৰু কিছু দায়িত্ব আপোনাৰ ওপৰত ন্যস্ত কৰা হ’ব, সেইসমূহ সুচাৰুৰূপে পালন কৰক ।আৰ্থিক স্থিতি শুভ । ব্যৱসায়িক অংশীদাৰৰ পৰা লাভান্বিত হ’ব ৷ বিদেশত ব্যৱসায়ৰ লগতে ভ্ৰমণৰ সুবিধা লাভ কৰিব । উচ্চ শিক্ষাৰ বাবে শুভ ৷
মীন ৰাশি : জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব । পৰিয়ালৰ সহযোগিতা লাভ কৰিব। ভাতৃ-ভগ্নীৰ মাজত চলি থকা মতানৈক্যৰ অন্ত পৰিব । প্ৰেমৰ সম্পৰ্ক ভাল হ’ব । আৰ্থিক স্থিতি অধিক মজবুত হ’ব ৷ পূৰ্বতে