Local, Vocal, Global

Daily Horoscope for 6th july : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি দিনটোত আপুনি নিজৰ কথা-বতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক । ক্ৰোধ পৰিহাৰ কৰক । শত্ৰুৰ পৰা সাৱধান থাকক ।আজি আপুনি ভ্ৰমণ পৰা এৰাই চলক ৷

বৃষ ৰাশি: আজি দিনটো আপোনাৰ বাবে অনুকূল । আজি আপুনি সু-স্বাস্থ্যৰ অধিকাৰী হব ।

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল । ঘৰৰ পৰিৱেশ শান্ত আৰু আনন্দপূৰ্ণ হৈ থাকিব । আৰ্থিক লাভৰ সুযোগৰ সম্ভৱনা আহিব পাৰে । আজি আপুনি সুস্থ-সবল আৰু উদ্যমী হৈ থাকিব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰে ।

কৰ্কট ৰাশি: আজি আপুনি সতৰ্ক হৈ থাকক ।আজি আপোনাৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি ঘটিব পাৰে প্ৰিয়জনৰ সৈতে বিবাদৰ ফলত সম্পৰ্ক বেয়া হ’ব পাৰে । ভ্ৰমণ এৰাই চলক ।

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি অনুকূল দিন ।শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ।নেতিবাচত চিন্তাই আপোনাক আমনি কৰিব পাৰে ।

কন্যা ৰাশি: আজি আপুনি বন্ধুসকলৰ সৈতে আনন্দপূৰ্ণ সময় কটাব পাৰে । আজি আপুনি আৱেগিক হৈ থাকিব । ৰহস্যময় আৰু আধ্যাত্মিক বিষয়ত সফলতা লাভ কৰিব ।

তুলা ৰাশি: আজি আপোনাৰ কোনো কামত মন নবহিব পাৰে । নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক । সহকৰ্মীসকলৰ সৈতে স্বাভাৱিক সম্পৰ্ক বৰ্তাই ৰাখক ৷ ভ্ৰমণৰ দিন পিছুৱাই দিয়ক । আৰ্থিক লাভৰ যোগ ৷ স্বাস্থ্যৰ যত্ন লওক ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ শৰীৰ-মন তজবজীয়া হৈ থাকিব । আপুনি হয়তো আজি বন্ধু আৰু পৰিয়ালৰ লোকৰপৰা কোনো উপহাৰ লাভ কৰিব ৷ সুসংবাদ পাব পাৰে । ভ্ৰমণ সুখদায়ক হ’ব ।

ধনু ৰাশি: সতৰ্ক হৈ থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ ভুল বুজাবুজি হ’ব পাৰে । ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ আজি আপুনি অসুস্থ হ’ব পাৰে ।

মকৰ ৰাশি: আপুনি সামাজিক কৰ্মৰ দ্বাৰা লাভান্বিত হ’ব । বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ যোগ ।

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে এটা অনুকূল দিন । কৰ্মক্ষেত্ৰত ভাল ৷ কৰ্মস্থানত আপোনাৰ ঊৰ্ধ্বতনসকলে সহায়-সহযোগিতা লাভ কৰিব । সাংসাৰিক জীৱনো আনন্দেৰে পৰিপূৰ্ণ হ’ব ।

মীন ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে শুভ । নিজৰ সন্তানক লৈ চিন্তাত থাকিব পাৰে । ব্যয় বৃদ্ধি হ’ব পাৰে । বিতৰ্কৰ পৰা আঁতৰি থাকক ৷