Local, Vocal, Global

Daily Horoscope for 6th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ কম সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ লক্ষ্যত সফল হ’ব।

বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ বিবাহিতসকলৰ বাবে ভাল দিন | নতুন ব্যৱসায় কৰিব পাৰে ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ কোনো কথাত আৱেগিক হৈ পৰিব পাৰে ৷ ধৈৰ্যশীল হৈ থাকিব ৷

কৰ্কট ৰাশি : দিনটো শুভ হ’ব ৷ প্ৰেমত শুভ ৷ সন্ধিয়া সময়খিনি নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত ৷

সিংহ ৰাশি : দিনটো শুভ ৷ সৌন্দৰ্য চৰ্চা কৰক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব পাৰে ৷ ভাগ্য ভাল ৷ ব্যয় বৃদ্ধি ৷

কন্যা ৰাশি : দিনটো মধ্যমীয়া। পৰিয়াল উপাসনাত কেতিয়াও বাধা নিদিব ৷ পৰিয়ালৰ সদস্যৰ ভালদৰে যত্ন লওক ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷

তুলা ৰাশি : দিনটো ভাল ৷ ঘৰুৱা পৰিৱেশ ভাল ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ উন্নত ৷

বৃশ্চিক ৰাশি : স্বাস্থ্য ভাল ৷ ঘৰুৱা পৰিৱেশ সুন্দৰ ৷ পৰিয়ালৰ সদস্যৰ সৈতে আনন্দৰে সময় পাৰ কৰিব ৷ বেছি কষ্ট নকৰাকে ফল লাভ কৰিব ৷ আক্ৰমনাত্মক ভাব আঁতৰ কৰক, অন্যথা নভবাকৈ বিপদ পৰিব পাৰে ৷

ধনু ৰাশি : দিনটো শুভ ৷ শুভ সংবাদ লাভ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । শান্ত হৈ কর্ম কৰক ৷

মকৰ ৰাশি : বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব৷ ভ্ৰমণৰ যোগ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব ৷ পৰীক্ষাৰ্থীসকলৰ বাবে ভাল সময় ৷ শৰীৰ ভালে থাকিব ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷

মীন ৰাশি : দিনটো মধ্যমীয়া ৷ কাৰ্যভাৰ বৃদ্ধি ৷ নিজৰ শক্তি ব্যৱহাৰ কৰি কাম সম্পূৰ্ণ কৰক ৷