Local, Vocal, Global

Daily Horoscope for 6th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিন শুভ হ’ব ৷ সামাজিক কাম আৰু পৰোপকাৰিভাৱে আপোনাক আনন্দিত কৰিব ৷ বন্ধুৰ লগত ব্যয় হ’ব ৷

বৃষ ৰাশি : নতুন ব্যৱসায় আৰম্ভ হ’ব আৰু লাভজনক হ’ব ৷ ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ দিন শুভ ৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে ৷ স্বামী তথা পত্নীৰ সহযোগিতা লাভ কৰিব ৷

মিথুন ৰাশি : ৰোগে আপোনাক চিন্তাত পেলাব ৷ সন্তানৰ ওপৰত চকু ৰাখক ৷ পাৰিলে ঘৰৰ ভিতৰত থাকক ৷ পেটৰ ৰোগ হ’ব পাৰে ৷ আৰ্থিক দিশত অশুভ ৷ সাৱধানে চলক ৷

ককৰ্ট ৰাশি : শান্ত থাকক ৷ অতীতক পাহৰি ভৱিষ্যতক আদৰণি জনাওক ৷ নতুন ব্যৱসায় আৰম্ভনি কৰাৰ পৰিকল্পনা কৰিলে দিন পিছুৱাই দিয়ক ৷ মানসিক অশান্তি আৰু ঘৰুৱা পৰিৱেশে আপোনাক চিন্তিত কৰিব পাৰে ৷

সিংহ ৰাশি : খেলি-মেলিৰ সৃষ্টি হ’লে ধৈৰ্য ধৰক ৷ সাৱধান হওক ৷ শৰীৰ ভালে থাকিব ৷ জ্ঞানবৰ্ধক আলোচনা কৰক ৷

কন্যা ৰাশি : দিনটো শুভ ৷ দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ শৰীৰ সুস্থ থাকিব ৷ আৰ্থিক দিশত লাভজনক ৷ সামাজিক জীৱনৰ পৰা বাধা আতৰিব ৷ কৰ্মক্ষেত্ৰত সকলোৰে সহযোগিতা লাভ ৷ ভাল খবৰ লাভ কৰিব পাৰে ৷

তুলা ৰাশি : নিজকে কুশলে ৰাখক ৷ আপোনাৰ প্ৰিয় কামত সুফল লাভ কৰিব ৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ মহিলা সহকৰ্মীৰ সহযোগিতাই আপোনাক উৎসাহ যোগাব ৷

বৃশ্চিক ৰাশি : আপোনাৰ জীৱনলৈ নতুন পৰিৱৰ্তন আহিব ৷ মহিলাৰ পৰা দূৰত থাকক ৷ মানসিক আৰু শাৰীৰিক জিৰণি লওক ৷ ধন আৰু সন্মান হানিৰ যোগ আছে ৷

ধনু ৰাশি : ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব ৷ ই আপোনাক উপকৃত কৰিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ আনন্দ পূৰ্ণ ভ্ৰমনৰ যোগ আছে ৷

মকৰ ৰাশি : আৰ্থিক দিশত শুভ ৷ শিক্ষাৰ্থীসকলৰ বাবে অশুভ ৷ শৰীৰৰ যত্ন লওক ৷ বিপৰীত চিন্তাৰ পৰা মনটোক আতৰাই ৰাখক ৷ সাহস নেহেৰুৱাব ৷

কুম্ভ ৰাশি : আপোনাৰ ভাগ্যৰ ফলত আপোনাৰ সৌভাগ্য উদয় হ’ব ৷ বেয়া ভাব মনলৈ আহিবলৈ নিদিব, উপহাৰ আশা কৰিব পাৰে ৷ আপোনাৰ ব্যৱসায়ত উন্নতি ৷ প্ৰিয়জনৰ পৰা উপহাৰৰ আশা কৰিব পাৰে ৷ শৰীৰ সুস্থ ৷

মীন ৰাশি : আইনি কামত সাৱধান হওক ৷ চমু পথেৰে ধন ঘটাৰ উপায় অৱলম্বন নকৰিব ৷ অযথা আলোচনাৰ পৰা নিজক আতৰাই ৰাখক ৷ ঘৰলৈ তথা প্ৰিয়জনৰ চিন্তাই আপোনাক অশান্তি দিব ৷ বিশেষ নজনাকে ক’তো ধন জমা নাৰাখিব ৷ ধৰ্মীয় আৰু সামাজিক কামত খৰছ বৃদ্ধি হ’ব ৷