Local, Vocal, Global

Daily Horoscope for 5th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সুখেৰে কটাব ৷ নতুন কাপোৰ আৰু গহনা ক্ৰয় কৰিব পাৰিব ৷ সামাজিকভাৱে সন্মান লাভ ৷ নতুন সম্পৰ্ক গঢ়াৰ পূৰ্বে বা যিকোনো পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক ৷ খৰচ বেছি হ’ব পাৰে ৷ আপোনাৰ ক্ষতি কৰিব বিচৰা মানুহৰ পৰা সাৱধান হওক ৷নিজৰ বাক্য আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক ৷

বৃষ ৰাশি: শত্ৰুৰ ওপৰত জয় লাভ কৰিব ৷ আপুনি আজি পৰিয়ালৰ সদস্যৰ সৈতে কিছু বিশেষ কাম সম্পন্ন কৰিব পাৰিব ৷ দুপৰীয়া আপুনি মনোৰঞ্জনত ব্যস্ত থাকিবলৈ ওলাইছে ৷ পৰ্যটনৰ আয়োজন কৰা হ’ব ৷ আজি বন্ধু-বান্ধৱীক লগ পাব ৷

মিথুন ৰাশি: আজি সকলো দিশৰ পৰাই এটা শুভ দিন ৷ আপোনাৰ পৰিয়ালত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব ৷ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ বাবে ধন খৰচ হ’ব পাৰে ৷ বিবাহৰ বাবে যোগ্য লোকৰ বিবাহ নিশ্চিত কৰিব পাৰি ৷ চাকৰিত আয় বৃদ্ধি পাব পাৰে ৷ ঘৰতে কোনো শুভ অনুষ্ঠান আয়োজন কৰিব পাৰে ৷ আপুনি ভাল বৈবাহিক সুখ লাভ কৰিবলৈ সক্ষম হ’ব ৷

কৰ্কট ৰাশি: আজি আপুনি শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ আজি প্ৰব্ৰজনৰ বাবে অনুকূল দিন নহয় ৷ ভূমি আৰু বাহনৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ দুপৰীয়াৰ পিচত আপুনি সুখ আৰু শান্তি অনুভৱ কৰিব ৷ বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব ৷ আপুনি শাৰীৰিক সতেজতা অনুভৱ কৰিব ৷

সিংহ ৰাশি: আজি ব্যৱসায়ৰ বাবে অলপ ভ্ৰমণ হ’ব পাৰে ৷ বহিঃৰাজ্যৰ পৰা কিছু ভাল খবৰ পাব পাৰে ৷ আৰ্থিক লাভ হ’ব ৷ নতুন কামৰ বাবে ভাল সময় ৷ আপুনি হয়তো কিছুমান লাভজনক বিনিয়োগ কৰিব পাৰে ৷ কোনো চিন্তাই আমনি কৰিব পাৰে ৷ শাৰীৰিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে ৷ পৰিয়াল আৰু সম্পত্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব ৷

কন্যা ৰাশি: আজি আপোনাৰ মনত কিবা এটা কথাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ’ব ৷ কোনো নতুন কাম বৰ্তমান আৰম্ভ নকৰিব ৷ পৰিয়ালৰ সদস্যৰ লগত কথা পাতি থাকোঁতে সংযম কৰিব লাগে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন ল’ব নোৱাৰিব ৷ দুপৰীয়াৰ পিচত আপোনাৰ সময় অনুকূল দেখা যাব ৷ ভাই-ভনীৰ সৈতে ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

তুলা ৰাশি: আজি আপোনাৰ সৃষ্টিশীলতাৰে যিকোনো কঠিন কাম সহজে কৰিব পাৰিব ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব ৷ নতুন কাপোৰ, গহনা বা মনোৰঞ্জনৰ বাবে ধন ব্যয় কৰিব পাৰে ৷ দুপৰীয়াৰ পিচত যিকোনো সিদ্ধান্ত লোৱাত অসুবিধা হ’ব পাৰে ৷ পৰিয়ালৰ সদস্যৰ লগত তৰ্ক-বিতৰ্ক এৰক ৷ আজি বন্ধু-বান্ধৱী আৰু আত্মীয়ক লগ কৰিব লাগিব ৷ আপুনি মানুহক হাঁহি হাঁহি আদৰি লোৱা উচিত, নহ’লে মানুহে আপোনাক স্বাৰ্থপৰ বুলি গণ্য কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: আপোনাৰ আক্ৰমণাত্মক আৰু অনিয়ন্ত্ৰিত আচৰণে আপোনাক বিপদত পেলাব পাৰে ৷ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত যাতে কোনো বিবাদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ দুপৰীয়াৰ পিছত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমস্যা হ’ব ৷ আজি আপুনি আৰ্থিক বিষয়ত অতি সাৱধানে আগবাঢ়িব লাগিব ৷ আজি সন্ধিয়াৰ পিছত আপোনাৰ আত্মবিশ্বাস বাঢ়িব ৷

ধনু ৰাশি: ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এক উপকাৰী দিন ৷ জীৱনত সুখৰ পৰিবেশ গঢ়ি উঠিব ৷ বন্ধু-বান্ধৱীৰ লগত ওলাই যোৱাৰ পৰিকল্পনা থাকিব ৷ আৰ্থিক সুবিধা লাভ কৰিব ৷ যিকোনো অন্যায়ৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ’ব পাৰে ৷ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন ৷

মকৰ ৰাশি: আজি আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহী হ’ব ৷ ব্যৱসায়ৰ বাবে পৰিবেশ অনুকূল হ’ব ৷ আপুনি আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব ৷ জীৱনতো সুখ বৃদ্ধি পাব ৷ আজি বন্ধু-বান্ধৱীৰ সৈতে সুখদায়ক সভা অনুষ্ঠিত হ’ব ৷ কোনো বিশেষ ঠাই ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে ৷

কুম্ভ ৰাশি: আজি আপুনি বৌদ্ধিক কৰ্ম, নতুন সৃষ্টি আৰু সাহিত্যিক কাৰ্যকলাপত নিমগ্ন হ’ব ৷ আজিয়েই নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ কিছু ধৰ্মীয় যাত্ৰা আয়োজন কৰা হব পাৰে ৷ ব্যৱসায়ত লাভৰ সুযোগ থাকিব ৷ দুপৰীয়াৰ পিছত পাৰিবাৰিক জীৱনত আনন্দৰ পৰিবেশ সৃষ্টি হ’ব ৷ মাৰ পৰা লাভ হ’ব ৷ মহান সুখ লাভ কৰিব ৷ ঘৰত আলহীৰ আগমনে সুখ কঢ়িয়াই আনিব ৷ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত সময় কটাব ৷

মীন ৰাশি: আজি আপোনাক মুখৰ বাক্যক নিয়ন্ত্ৰণ কৰিবলৈ শিকক ৷ গোপন শত্ৰুৰ পৰা সাৱধানে থাকক ৷ আধ্যাত্মিক দিশত দিনটো ভাল ৷ বহিঃৰাজ্যত বাস কৰা বন্ধু-বান্ধৱী আৰু আপোনজনৰ পৰা ভাল খবৰ পাব ৷ আজি আপুনি বাহিৰলৈ ওলাই গৈ খোৱা বা পান কৰাটো পৰিহাৰ কৰক ৷