Local, Vocal, Global

Daily Horoscope for 5th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি নিজৰ স্বাস্থ্য যতন লওক। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। নিজৰ কাম সময়মতে কৰিব লাগে।

বৃষ ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। দূৰণিবটীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব।

মিথুন ৰাশি : গৰ্ভৱতী মহিলা সমুহ ঘুৰা-ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ ,যদি সম্ভৱপৰ হয় ধুম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে । সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব।

কৰ্কট ৰাশি : আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেঁচাই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহত পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিক ভাৱে দূৰ্বল হৈ পৰিব। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম ,কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাক সুখী কৰিব।

সিংহ ৰাশি : আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ’ব।

কন্যা ৰাশি : আপোনাৰ উৰ্জা ব্যক্তিত্ব বিকাশৰ কামত লগাওক, যাৰ ফলত আপুনি অধিক আকৰ্ষণীয় হৈ পৰিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হব।

তুলা ৰাশি : আজি আপোনাৰ আত্ম-বিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্ত পইচাৰ মোহত নিজৰ মানুহ বোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। পাৰিবাৰিক সদস্যৰ সহায় আপোনাৰ প্ৰয়োজনৰ ধ্যান ৰাখিব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে-কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খঙ কৰিব পাৰে।

বৃশ্চিক ৰাশি : আকাশত ধোৱা চাং পাতি থাকোতে সময় খৰচ নকৰিব , ভাল কাম বোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু উৰ্জা বচাই ৰাখক। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰলৈ নিদিব । আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হব আৰু তাক প্ৰশংসা কৰিব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে।

ধনু ৰাশি : আপোনাৰ জীৱন সংগীৰ মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব পাৰে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে।

মকৰ ৰাশি : আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। এই ৰাশিৰ লোকসকল আজি মদ আৰু চিগাৰেটৰ পৰা দুৰ থাকিব নহ’লে আপোনাৰ সময় নষ্ট হ’ব। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব কাৰণ আপুনি আজি একপ্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব।

কুম্ভ ৰাশি : ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। নিজৰ বাবে বহুত সময় পাব। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব।

মীন ৰাশি : ধ্যান কৰিলে শান্তি লাভ কৰিব। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হব । যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। পুৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে।