Daily Horoscope for 4th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাৰ বাবে শুভ দিন ৷ আপুনি কোনো অনুষ্ঠানত প্ৰিয়জনৰ সৈতে ভাগ ল’বলগীয়া হ’ব ৷ ধনাগমনৰ যোগ ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ শান্ত থাকক(Daily Horoscope) ৷
বৃষ ৰাশি: আজি আপুনি পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । আৰ্থিক লাভৰ যোগ ।
মিথুন ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে । আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক আৰু ফলদায়ক । আৰ্থিক দিশত সাৱধানে চলক ৷
কৰ্কট ৰাশি : নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে । এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে । শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয় । নিৰাশ নহ’ব চেষ্টা অব্যাহত ৰাখক ৷
সিংহ ৰাশি: আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি পিতৃৰ আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব । খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক ।
কন্যা ৰাশি: আজি আপুনি অহংকাৰৰ পৰা দূৰত থাকক । মানসিক অস্থিৰতাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । গতিকে নিজক ওপৰত নিয়ন্ত্ৰণ কৰি ৰাখক ।
তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব । আনন্দ-উল্লাসেৰে আপোনাৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব । সামাজিক কামত জড়িত হৈ আপোনাৰ মন প্ৰফুল্লিত হৈ থাকিব ৷ বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব ৷ আৰ্থিক দিশত উন্নতি লাভ কৰিব পাৰে ।
বৃশ্চিক ৰাশি: আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব । আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব ।
ধনু ৰাশি: আজি আপুনি স্বাস্থ্যৰ যত্ন লওক । অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে আওকাণ নকৰিব ৷ বিবাদৰ পৰা আঁতৰি থাকক । আৰাম কৰক ৷
মকৰ ৰাশি: আজি আপুনি সাৱধানে থাকিব ৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব ৷ বিবাদৰ পৰা আঁতৰি থাকক ।
কুম্ভ ৰাশি: আজিৰ দিনটো শুভ । আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব । দিনটোক উপভোগ কৰক ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।
মীন ৰাশি: এটা মিশ্ৰিত দিন , সকলো কাম আৰু ভাল কৰিবলৈ চেষ্ঠা কৰক ৷ সাৱধান হওক , কাৰো সৈতে অযথা তৰ্কা-তৰ্কি নকৰিব ৷ খাদ্যাভাস সলনি কৰক নহ’লে অশুখত ভুগিব পাৰে ৷