Local, Vocal, Global

Daily Horoscope for 4th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আপোনাৰ আজিৰ দিনটো শুভ ৷ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ অফিচৰ কামত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷

বৃষ ৰাশি: আজি গোটেই দিন আপোনাক ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব লাগিব ৷ ভ্ৰমণ পিছুৱাই দিব পাৰে ৷ আজিৰ দিনটো বিশেষকৈ লেখক, শিল্পী আৰু পৰামৰ্শদাতাসকলৰ বাবে শুভ ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷

মিথুন ৰাশি: আজি আপুনি সুস্বাদু ভোজন কৰিব, নিজৰ পচন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ৷ স্বাস্থ্য উত্তম ৷

কৰ্কট ৰাশি: আজি আপুনি বিভ্ৰান্ত হৈ থাকিব আৰু মনত আপোনাৰ খেলি-মেলি লাগি থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ উদ্দেশ্যৰ সংঘাত হ’ব পাৰে ৷ অধিক ব্যয়ৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভৰ যোগ আছে ৷ সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে ৷ ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে ৷

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল ৷ আজি কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ ব্যৱসায়ীসকলৰ প্ৰচুৰ লাভ হ’ব ৷ পিতৃৰ ফালৰ পৰা লাভ পাব ৷

তুলা ৰাশি: আজিৰ দিনটো ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক ৷ আজি আপুনি গভীৰভাৱে সাহিত্যিক আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব ৷ বিদেশত বসবাসকাৰী বন্ধু বা প্ৰিয়জনৰ পৰা ভাল বতৰা পাই আপুনি প্ৰফুল্লিত হ’ব ৷

বৃশ্চিক ৰাশি: সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ আজি আপুনি সতৰ্ক হৈ থাকিব লাগিব ৷ পৰিস্থিতি আপোনাৰ অনুকূল ৷ অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে ৷

ধনু ৰাশি: আজি আপোনাৰ দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব ৷ আপুনি আজি মনোৰঞ্জন আৰু আমোদ লাভ কৰিব ৷ আপুনি অইন সংস্কৃতিৰ সৈতে জড়িত লোকক সাক্ষাৎ কৰিব পাৰে, এই সাক্ষাতে আপোনাক আনন্দ দিব ৷ অংশীদাৰিত্বৰ বাবে সময়টো ভাল ৷

মকৰ ৰাশি: আজি কোনো ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে অত্যধিক লাভদায়ক প্ৰমাণিত হ’ব ৷ সকলো কাম পৰিকল্পনা অনুসৰি হৈ থাকিব ৷ আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে ৷ ব্যৱসায়ত কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব ৷ স্বাস্থ্য উত্তম ৷ ঘৰত সুখ-শান্তি বৰ্তাই থাকিব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ চিন্তা আৰু কথা-বতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে ৷ আপুনি আজি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে ৷ আজি আপোনাৰ হজমৰ সমস্যা দেখা দিব পাৰে ৷

মীন ৰাশি: আজি আপুনি উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া বিবাদ হ’ব পাৰে, আপুনি তৰ্ক-বিতৰ্ক এৰাই চলাটোহে ভাল ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷