Local, Vocal, Global

Daily Horoscope for 3rd june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাৰ দিনটো শুভ ৷ আজি আপুনি নিজকে ভৌতিক আৰু ধাৰ্মিক ভাবে অসহায় অনুভৱ কৰিব ।আজি আপুনি খং, বেয়া ব্যৱহাৰ, কাজিয়া আদিৰ পৰা আঁতৰত থাকক। হঠাৎ বিপদৰ আগজাননী ৷

বৃষ ৰাশি:আজি গণেশৰ কৃপাত আনন্দৰে ভৰা দিন ৷আজি আপুনি পৰিয়াল আৰু বন্ধুৰ লগত ফুৰিবলৈ যাওক ৷ ব্যৱসায় আৰু চাকৰিত সফলতা লাভ কৰিব । সফল ব্যৱসায়িক যোগসুত্ৰ লাভ ৷

মিথুন ৰাশি: আজি আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ আপোনাৰ সফলতা আপোনাৰ প্ৰিয়জনৰ লগত উপভোগ কৰক ৷ ধনৰ ওপৰত চকু ৰাখি খৰচ কৰক ৷ নিজকে সতেজ আৰু শাৰীৰিকভাৱে সক্ষম অনুভৱ কৰিব ৷

কৰ্কট ৰাশি: আজি আপুনি শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ ভ্ৰমন বাতিল কৰক আৰু জ্ঞানবৰ্ধক আলোচনাৰ পৰা আঁতৰত থাকক ৷

সিংহ ৰাশি: গণেশৰ আৰ্শীবাদত শান্ত থাকক , সকলো বিষয়ত চকু ৰাখক , আপোনাৰ খং, কথা আৰু আলোচনাই এইটো বুজাই দিব যে আপোনাৰ খঙক আপুনি এৰি দিব পৰা নাই ৷ জিৰনি লওক ৷

কন্যা ৰাশি: আজি আোপোনাৰ বাবে এটা গতানুগতিক দিন ৷ নিজকে শান্ত অনুভৱ কৰিব আৰু আনৰ লগত সম্পৰ্ক ভাল কৰক ৷ সহকৰ্মীসকলৰ সহযোগ লাভ কৰিব ৷নিজকে চিনি পোৱাত বিশেষ গুৰুত্ব দিব ।

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত এটা ভাগ্যশালী দিন ৷ সুখী থাকক আৰু ভাল সময় প্ৰিয়জন আৰু বন্ধুৰ লগত উপভোগ কৰক ৷ মানসিক শান্তি লাভ কৰিব আৰু শৰীৰ ভালে থাকিব ৷ ঘৰুৱা পৰিবেশ শান্ত থাকিব ৷

ধনু ৰাশি: শৰীৰৰ যত্ন লওক আৰু মানসিকভাৱে সুস্থ থাকক ৷ প্ৰাৰ্থনা, যোগ আৰু ধ্যানৰ সহায় লওক ৷ ব্যক্তিগত সম্পৰ্ক আৰু ধনৰ দিশৰ ওপৰত চকু ৰাখক ৷

মকৰ ৰাশি: আজিৰ দিনটো ভাগ্যশালী যেন দেখা যায় ৷ প্ৰিয়জনক লগ পায় আপুনি সুখী অনুভৱ কৰিব আৰু তেওঁৰ লগ উপভোগ কৰিব ৷ আপুনি পুৰস্কাৰ বা উপহাৰ লাভ কৰিব পাৰিব ৷ ভ্ৰমণৰ কথা ভাবিছে যদি এইয়া সঠিক সময়, ভ্ৰমন আনন্দপূৰ্ণ হ’ব ৷ ব্যৱসায়ত উন্নতিৰ বাবে সুন্দৰ সময় ৷

কুম্ভ ৰাশি:আজি আপোনাৰ মানসিক আৰু শাৰীৰিক ভাবে ভাল দিন ৷ আপুনি ব্যবসায়িক সাফল্য লাভ কৰিব আৰু পুৰস্কাৰ লাভ কৰিব , এই সকলোবোৰে আপোনাক আনন্দিত কৰি তুলিব ৷ সহকৰ্মীসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্বন্ধ বজাই ৰাখক ৷

মীন ৰাশি: আপোনৰ মনে আজি অলপ অশান্তি দিব ৷ এলাহ আৰু অবিবেচক অৱস্থাই গা কৰি উঠিব ,যাৰ ফলত আপোনাৰ মন বেয়া হৈ থাকিব ৷ সন্তানৰ বাবে চিন্তা আহিব ৷ ব্যবসায় অলপ বেয়া হ’ব । অলপ সময় কোনো বিশেষ সিদ্ধান্ত গ্ৰহন নকৰাই ভাল ৷

লগতে পঢ়ক : PM on Odisha train derailed: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ