Local, Vocal, Global

Daily Horoscope for 31th July : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি । হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব।

বৃষ ৰাশি : আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হব পাৰে। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে । মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক।

মিথুন ৰাশি : সোনকালে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। অপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব ,যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব।

কৰ্কট ৰাশি : আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। যদি আপুনি প্ৰত্যেকৰে আশা-আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে,তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অকল অসফতাই দেখিব । প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে।

সিংহ ৰাশি : আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। পৰিয়ালৰ সদস্যৰ ভাল পৰামৰ্শ আজি আপোনাৰ বাবে লাভদায়ক নিৰ্ণয় হব। অধিক যাত্ৰাই আপোনাৰ ৰোমাণ্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোব বিশেষে আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন চিন্তিত থাকিব।

কন্যা ৰাশি : আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণী বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন।

তুলা ৰাশি : আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহ সমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ সেয়ে আপোনাৰ দ্বাৰা যিমান হব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেচা প্ৰদান কৰা বন্ধ কৰক। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব । আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক।

বৃশ্চিক ৰাশি : সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। অফিচৰ কথা যদি কয় তেনেতে আজি আপোনাৰ টীমৰ সকলোঅতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুধিয়কৰ দৰে কথা কব।

ধনু ৰাশি : আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ’লে আপুনি কিবা কৰি দেখুৱাব লাগিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে । বহুত ভাল দিন । আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। বৈবাহিক জীৱনত কঠিন সময় গুছি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব ।

মকৰ ৰাশি : আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যবসায় কৰিছে আজি সিহঁতে ভাৱি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী নহলে আৰ্থিল লোকচান হোৱাৰ আশাংকা আছে। পঢ়া-শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে।

কুম্ভ ৰাশি : নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক।মনত ৰাখিব – এই পাৰ্থিৱ শাৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব,কাৰণ হ’ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে।

মীন ৰাশি : আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত লৈ আহিব। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভাল ভাৱে বিবেচনা কৰক ।কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল’ব। ঘৰ আৰু ঘৰৰ চাৰিওফালে অতি সোনকালে চাফাই কৰাটো খুবেই জৰুৰী, সদায় কৰাৰ দৰে এইবাৰো এই কাম পিছলৈ পেলাই নথব।