Daily Horoscope for 31th july : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰিব। আজি কোনোবা বিপৰীত লিংগৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ সুযোগ প্ৰাপ্ত হ’ব।আপোনাৰ যাত্ৰা আনন্দদায়ক আৰু লাভদায়ক হব (Daily Horoscope)।
বৃষ ৰাশি : আজি আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব। সন্তান খেলা-ধূলা আৰু বেলেগ বাহিৰা গতিবিধিত অধিক সময় খৰচ হ’ব। আপোনাৰ প্ৰিয়জনৰ লগত আপোনাৰ ফোনত কথা হব। ব্যৱসায়ী আৰু দালালৰ বাবে আজি এটা ভাল দিন । আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হ’ব পাৰে।
মিথুন ৰাশি : বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। বিপদৰ সময়ত আপোনাৰ জন আত্মীয়ই সহায় কৰিছিল সিহঁতলৈ কৃতজ্ঞতা জ্ঞাপন কৰক। আপোনাৰ এই সৰু কামে সিহঁতৰ উৎসাহ বৃদ্ধি কৰিব ।আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। কিছুমাান মানুহক অফিচত উন্নতি প্ৰাপ্ত হব। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভাল পোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব।
কৰ্কট ৰাশি : আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে । শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে।আজি আপোনাৰ শাৰীৰিক ভাৱে বহুত কষ্ট হ’ব পাৰে । পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ দায়িত্বহীনতাৰ দৰে স্বভাৱৰ পৰা আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব। প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে । আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰষা নকৰিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল।
সিংহ ৰাশি : আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ দৰকাৰ ।ৰক্তচাপৰ ৰোগী সকলে নিজৰ যত্ন লোৱা উচিত। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব। আপুনি নতুন বন্ধু লগ পাব পাৰে । সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাৱিৱ ।
কন্যা ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। জুৱা খেলৰ পৰা দূৰত থাকক। আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।
তুলা ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। যিমান আপুনি ভাৱিছিল , আপোনাৰ বন্ধু তাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হব। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে।
বৃশ্চিক ৰাশি : হতাশাৰ পৰা বাচিবৰ বাবে আপোনাৰ মূল্যৱান সময় আপোনাৰ সন্তানৰ লগত সময় কটাওক। সন্তানৰ লগত থাকিলে আপুনি নিজেও উৰ্জা লাভ কৰিব। আপোনাৰ সন্তান আপোনাৰ মন সুখী কৰিব পৰা খবৰ লৈ আহিব পাৰে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে ,কিন্তু মোটামোটি ভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে ,সেই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব।
ধনু ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব।আজি আপোনাৰ আৰ্থিক লাভ হ’ব পাৰে । আজি আপুনি অলপ নিৰাশ হব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিত ভাৱে আপোনাৰ সন্তানৰ আত্ম-বিশ্বাস বঢ়াই তুলিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।
মকৰ ৰাশি : যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। বিনা কাৰণত আপোনাৰ প্ৰিয়জনক সন্দেহ নকৰিব । যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত।
কুম্ভ ৰাশি : যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰাখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হব। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলৰ লোকচান হব পাৰে।
মীন ৰাশি : খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন।