Local, Vocal, Global

Daily Horoscope for 31th January : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে যাব । খৰচত বৃদ্ধি হব । পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহব । আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হব পাৰে এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰন ৰাখিব। সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব । আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক’ৰবাত ফুৰিব যাব পাৰে ।

বৃষ ৰাশি : ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে।মানসিক হেঁচাৰ পৰা হাত সাৰিবলে বাহিৰা কিতাপ পঢ়ক। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন ,বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে অজি কিবা পৰিৱৰ্তন আনিব পাৰে।

মিথুন ৰাশি : অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে।আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে।

কৰ্কট ৰাশি : আপোনাৰ জীৱন সংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক ।আজি আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে।আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক ,কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই লব পাৰে।

সিংহ ৰাশি : দেউতাকে আপোনাক সম্পত্তিৰ পৰা বেদখল কৰিব পাৰে,কিন্তু নিৰাশ নহব। মনত ৰাখিব যে অধিক সম্পত্তি মনক দুৰ্বল কৰি তুলিব পাৰে আৰু অভাৱে তাক শক্তিশালী কৰি তুলিব পাৰে। সন্তানৰ লগত জড়িত সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগ কৈ ওলাওক। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। জীৱন সংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।

কন্যা ৰাশি : আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। জীৱন সংগী আপোনাৰ বহুত যত্ন লব। আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হব। আজি আপুনি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পুৰ্ণ সহযোগ আগ বঢ়াব ।

তুলা ৰাশি : স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব । আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনা সমূহ প্ৰকাশ কৰে।

বৃশ্চিক ৰাশি : আজিৰ দিনটো আপোনাৰ শুভ । কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যাৱেক্ষণ হব পাৰে, এনেতে আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব , এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব।

ধনু ৰাশি : আপোনাৰ হিংসা প্ৰবৃতি আপোনাক দুখী আৰু হতাশ কৰিব পাৰে কাৰণ এই খিনি অকল আপোনাক কষ্ট দিব পাৰে সেইবাবে আপুনি যিমান পাৰে সোনকালে এইবোৰ বাদ দিয়ক। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। ঘৰুৱা কাম-কাজত আপুনি অধিক ব্যস্ত থাকিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব।

মকৰ ৰাশি : ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ’ব। আজিৰ দিনটো প্ৰেমৰ ৰঙত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। আপোনাৰ অন্তৰ্নিহিত শক্তিৰ আপোনাক সমানেই সহযোগ কৰিব আজি অফিচত আপোনাৰ দিন ভাল কৰিবৰ বাবে। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে ,তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হব।

কুম্ভ ৰাশি : গৰ্ভ্বতী মহিলা অতিৰিক্ত সাৱধান হোৱা ভাল। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে।কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে।

মীন ৰাশি : আজি আপোনাৰ সমস্যা বাঢ়িব। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব । আপোনাৰ এনেকুৱা ব্যৱহাৰ আপোনাৰ পৰিয়ালক দুখ দিব পাৰে , আনকি সম্বন্ধ তো দূৰত্ব আহি যাব পাৰে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। জটিল বিষয় সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত ।