Local, Vocal, Global

Daily Horoscope for 30th December : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনতো আপোনাৰ বাবে বৰ ভাল নহয় , সেইবাবে আপুনি শান্ত থাকক আৰু দিনটো যেনে তেনে পাৰ হৈ যাবলৈ দিয়ক ৷ সাৱধানে থাকক ,অন্যথা আপোনাক কোনোবাই মানসিকভাৱে আঘাত কৰিব পাৰে ৷ পানীৰ পৰা আঁতৰত থাকক ৷

বৃষ ৰাশি: চিন্তা পৰিহাৰ কৰক ৷ মাতৃৰ লগত হোৱা আলোচনাই আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব ৷ পৰিয়ালৰ লগত সুন্দৰ ভ্ৰমণত যাব পাৰে ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক ৷ আপুনি যিমানেই ভাগৰুৱা হৈ নাথাকক কিয় আপোনাৰ মিটিং বোৰত ভাল ফল দেখুৱাব পাৰিব ৷ আপোনাৰ কৰ্ম দক্ষতা আৰু কষ্ট আপোনাৰ কামত প্ৰতিফলিত হ’ব ৷ আপোনাৰ সহযোগীসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷


কৰ্কট ৰাশি: আজি আপোনাৰ ভাগ্যত আনন্দ আছে ৷ আজি আপুনি সম্পূৰ্ণৰূপে সতেজ অনুভৱ কৰিব ৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লগত ভ্ৰমণত ওলাই যাওক ৷ সকলো ফালৰ পৰা এটি সুন্দৰ দিন ৷

সিংহ ৰাশি: আপোনাৰ ভাগ্য আজি বৰ ভাল দেখা নাযায় ৷ চিন্তাই আপোনাক সম্পূৰ্ণ জুৰুলা কৰিব ৷ যিয়ে আপোনাৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱ পেলাব ৷ ভুল বুজাবুজি দূৰ কৰক ৷ বিদেশৰ পৰা অহা ভাল খবৰে আপোনাক আনন্দ দিব ৷

কন্যা ৰাশি: সামাজিকভাৱে আপুনি সন্মান আৰু নাম লাভ কৰিব ৷ ধন বৃদ্ধি হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে ভাল সময় ৷ ব্যৱসায়ত প্ৰচুৰ লাভৰ যোগ আছে ৷

তুলা ৰাশি: গণেশৰ কৃপাত আপোনাৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত পৰিবেশ আপোনাৰ বাবে অনুকুল হ’ব ৷ আপোনাৰ পদোন্নতি হ’ব পাৰে ৷ চৰকাৰী আৰু আইনী কামত সফলতা লাভ কৰিব ৷ মাতৃৰ দ্বাৰা উপকৃত হ’ব ৷

বৃশ্চিক ৰাশি: আজি আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ সাময়িকভাৱে আপোনাৰ ব্যৱসায়ত অলপ লোকচান ভৰিব পাৰে যি আপোনাক অসহ্যকৰ কৰি তুলিব ৷ গতিকে অলপ সাৱধানে থাকক, কাৰণ আপোনাৰ বন্ধু আৰু বচৰ লগত কাজিয়াৰ সূত্ৰপাত হ’ব পাৰে ৷ আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক আৰু সন্তানৰ লগত সময় কটাওক ৷

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ নহয়, আপোনাৰ দুখে মনতো পৰিচালিত কৰা বাবে আপোনাৰ কামত বেয়া প্ৰভাৱ পেলাব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে উচিত সময় নহয় ৷ আপোনাৰ বেয়া মন আৰু তিতা মাত-কথাই আপোনালৈ বিপদ মাতি আনিব ৷

মকৰ ৰাশি: দিনটো শুভ ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু আপুনি কৰা সকলো কাম সফলতাৰ দিশে আগবাঢ়িব ৷ আপুনি সকলোৰে বিশ্বাসৰ পাত্ৰ হৈ পৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ কলাৰ সৈতে জড়িত সকলৰ বাবে ভাল সময় অব্যাহত আছে ৷ শৰীৰ ভালে থাকিব ৷ এই সকলোবোৰ আপোনাৰ দিন ভাল কৰাত সহায়ক হ’ব ৷

কুম্ভ ৰাশি: গণেশৰ কৃপাত আপুনি কামত সাফল্য আৰু নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ আপুনি মানসিকভাৱে নিজকে সলনি হোৱা যেন অনুভব কৰিব ৷ আপোনাৰ সহকৰ্মী সকলৰ সহযোগিতা লাভ কৰিব আৰু এই কথাই আপোনাৰ কামত ভাল ফল লাভত সহায়ক হ’ব ৷

মীন ৰাশি: আপোনাৰ কৰ্মদক্ষতাই আপোনাক প্ৰতিষ্ঠা লাভত ক্ষেত্ৰত সহায় কৰিব আৰু আপুনি আপোনাৰ ভিতৰত লুকাই থকা সুপ্ত প্ৰতিভাৰ পৰিচয় পাব ৷ আগবাঢ়ক আৰু কলাসুলভ কাম যেনে লিখা মেলা কামত মন দিয়ক, সফল হ’ব ৷ প্ৰেমিকসকলৰ প্ৰেম নিবেদনৰ উত্তম সময় ৷ সংগীৰ লগত সময় কটাওক কাৰণ পাৰ হৈ যোৱা সময় আৰু ঘূৰি নাহে ৷ ছাত্ৰ-ছাত্ৰীসকলে ধীৰে ধীৰে তেওঁলোকৰ সফলতাৰ দিশত আগবাঢ়িব পাৰিব ৷