Local, Vocal, Global

Daily Horoscope for 30th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আমি স্বাস্থ্যৰ যতন লওক ৷ কিছু সময় জিৰণি লওক ৷ অলপ সময় ধ্যান কৰক ৷ আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷

বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । যুক্তিৰে সকলো কথা চিন্তা কৰক ৷ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ প্ৰশংসা লাভ ৷

মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ। স্বাস্থ্যৰ যতন লওক । কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ প্ৰশংসা লাভ ৷

কৰ্কট ৰাশি : কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰেমক শুভ ।

সিংহ ৰাশি : শাৰীৰিক সমস্যা হ’ব পাৰে ৷ চিকিৎসকৰ পৰামৰ্শ লওক ৷ পাৰিলে কামৰ পৰা অলপ দিন অব্যাহতি লওক ৷ ঘৰৰ খাদ্য খাওক ৷ মানসিক অশান্তিয়ে আপোনাক অসুবিধাত পেলাব পাৰে ৷

কন্যা ৰাশি : নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ত থাকিব ৷ ভাল ফল লাভ ৷ মন পছন্দৰ কার্যই আনন্দিত কৰি তুলিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

তুলা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া৷ ব্যবসায়িক ভ্ৰমণ বাতিল কৰক ৷ শিক্ষাৰ্থীৰ বাবে ভাল সময়৷ শিক্ষক, লিখক আদিৰ বাবে লাভজনক সময় ৷

ধনু ৰাশি : ব্যৱসায় কর্মত বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততা বাঢ়িব ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰক ৷ লক্ষ্য ভাল হ’লে সফল হʼব ৷ আজি মহিলাৰ ভাগ্য ভাল হʼব ৷

কুম্ভ ৰাশি : বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷ সফল হʼব ৷ দিনটো খেলিমেলি হʼব পাৰে ৷

মীন ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷