Daily Horoscope for 2nd October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : আজি আপুনি ভাবুক হৈ পৰিব । আজি আপুনি দুখ পাব পাৰে। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে।আপোনাৰ কষ্ট আৰু একাগ্ৰতা আপোনাৰ হৈ আজি কব আৰু অন্যৰ বিশ্বাস আৰু সহযোগ লাভ কৰিব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে ,যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই ক্থা ভাবোতে নষ্ট কৰিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়(Daily Horoscope)।
বৃষ ৰাশি : আজি আপোনাৰ আত্মবিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে । সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল।নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন।
মিথুন ৰাশি : পৰিয়ালত চিকিৎসাৰ খৰচ বাঢ়ি যোৱাটোক আপুনি নেদেখাৰ ভাও জুৰিব নোৱাৰে। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কাম-কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে।
কৰ্কট ৰাশি : আপোনাৰ খঙে কেতিয়াবা আপোনাক বিপদত পেলাব পাৰে। যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰক। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহব কাৰণ ঘৰৰ কোনোবা ডাঙৰ জনে আপোনাক পইচা দিব পাৰে। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে । এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।
সিংহ ৰাশি : ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে। যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক ,যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। আপোনাৰ কাম আজি পিছ পৰি থাকিব ,যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন।জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব।
কন্যা ৰাশি : বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হব পাৰে।। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। আপোনাৰ জীৱন সংগীৰ উপলব্ধিক প্ৰশংসা কৰক আৰু তাৰ সফলতা আৰু ভাগ্যৰ পূৰ্ণ উৎসৱ পালন কৰাওক । উদাৰ হওক আৰু সৎ হওক। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে।
তুলা ৰাশি : ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজনিবও পাৰে। আপুনি আজি গম পাব যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম ,কিন্তু গুৰুত্ব পূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সফল হব। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে , যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্বসহকাৰে নলব।
বৃশ্চিক ৰাশি : কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিতভাৱে আকৰ্ষণীয় কৰি তুলিব। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱন সংগীক হতাশ কৰিব পাৰে। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। কাৰ্য ক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰ্বাদ কৰা ভাল কথা নহয়। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।
ধনু ৰাশি : প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। মা অথবা দেউতাৰ স্বস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ-বটৰা কৰাৰ এয়াই ভাল সময়। কাম সোনকলে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হব , ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হব আৰু আপুনিও সতেজ অনুভৱ কৰিব । বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব।
মকৰ ৰাশি : আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব। নতুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। বৈবাহিক জীৱনৰ ফালেদি চাব গলে আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে।
কুম্ভ ৰাশি : নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ’ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। বন্ধু আৰু পাৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে।
মীন ৰাশি : আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব । কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব।