Local, Vocal, Global

Daily Horoscope for 2nd January : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপুনি শাৰীৰিক ভাৱে সুস্থ হৈ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। বাকীদিনৰ তুলনাত আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হব। আজি গৃহ প্ৰৱেশৰ বাবে এটা শুভ দিন। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব।

বৃষ ৰাশি : আজি আপুনি জীৱনৰ বহুত সমস্যাৰ সমাধান লাভ কৰিব। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। আপোনাক সম্পুৰ্ণ আশ্চৰ্যত ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই/ককায়েক আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰে পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী,মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰ বিন্দু হয়। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাবোৰও আজি সাৱধানে চলা উচিত। আজি জানি বুজি পদক্ষেপ লোৱা উচিত , য’ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব।

মিথুন ৰাশি : আজি আপুনি স্বাস্থ্যৰ যতন লওক । ৰক্তচাপ থকা ৰোগীসকলে বিশেষকৈ শৰীৰৰ যত্ন লওক । আৰ্থিক নিৱেশ কৰক। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হব পাৰে।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেইবিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। যেতিয়া আপুনি জীৱন সংগীৰ লগত ভাৱনাত্মক দিশেদি জড়িত হব ,তেতিয়া আত্মীয়তা নিজে নিজে অনুভৱ হব।

কৰ্কট ৰাশি : কাজিয়াখোৰ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক,নহলে সম্বন্ধত কেতিয়াও শেষ হোৱাৰ সম্ভাৱনা আছে । আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কামৰ শেষত সহকৰ্মী সকলক যিকোনো সৰু ঘৰুৱা উৎসৱত আমন্ত্ৰিত কৰিব পাৰে। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।

সিংহ ৰাশি : আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটী হব পাৰে , ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত কৰবাত ফুৰিব যাব। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।

কন্যা ৰাশি : আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। আপোনাৰ কাম আজি পিছ পৰি থাকিব ,যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল ,আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব।

তুলা ৰাশি : শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী । নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব।। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। আজি জীৱন টো বহুত ধুনীয়া হৈ পৰিব,কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে।

বৃশ্চিক ৰাশি : ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্স ৰ আদায় সময়মতে কৰিব লাগে। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক।

ধনু ৰাশি : অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। এনেকুৱা কামত সহযোগ কৰাৰ এইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ লব পাৰে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱন সংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তিৰ্দি থাকিব।

মকৰ ৰাশি : কামৰ চাপ আৰু ঘৰুৱা কন্দলে জীৱনলৈ মানসিক অশান্তি আনিব । এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হব পাৰে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহুৰ্ত লৈ আহিব। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। আপোনাৰ বৰিষ্ঠ জনৰ লগত আজি অলপ কথাত বিবাদ হব পাৰে নহ’লে কিছুমান কথাত বিৰোধ হব পাৰে, আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে । কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাৱি ভাৱি সময়ো বৰবাদ কৰি দিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হব পাৰে ,আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে।

কুম্ভ ৰাশি : আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। আপুনি আপোনাৰ জীৱন-সংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰা বাবে তেখেত অশান্তি অনুভৱ কৰে। খঙক নিয়ন্ত্ৰণত ৰাখক নহ’লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে , আৰু শান্ত ভাৱে এই কথা সমাধান কৰক। আজি আপুনি আপোনাৰ প্ৰিয়জনাক টোফী আৰু চকলেট ইত্যাদি দিব পাৰে। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাৱি ভুল নকৰিব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।

মীন ৰাশি : নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। কামত আপোনাৰ দক্ষতাৰ আজি পৰীক্ষা হব , ইচ্চা অনুসৰি পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টাক একাগ্ৰতাৰে চলাই থাকিব লাগিব। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব।ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হব। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হব ,আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে!