Daily Horoscope for 29th June : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: শাৰীৰিক আৰু মানসিক অসুস্থতাৰ সন্মুখীন হ’ব পাৰে ৷ আজি কোনো সামাজিক বা ধৰ্মীয় কামত ধন খৰচ কৰাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব ৷ বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷
বৃষ ৰাশি: আপোনাৰ ব্যৱসায় আৰু উপাৰ্জন বৃদ্ধি পাব ৷নতুন মানুহৰ পৰা আপুনি উপকৃত হ’ব পাৰে ৷ আৰ্থিক বিষয় সন্দৰ্ভত চৰম উৎসাহেৰে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব ৷
মিথুন ৰাশি: আজি আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ’ব ৷ ঘৰ, কাৰ্যালয় আৰু সামাজিক এলেকাত অনুকূল পৰিৱেশৰ বাবে আপুনি সুখী অনুভৱ কৰিব ৷ সন্মান বাঢ়িব ৷
কৰ্কট ৰাশি: আজি আপুনি ধৰ্মীয় কামত ব্যস্ত হ’বলৈ ওলাইছে ৷ কোনোবা ধৰ্মীয় স্থানত গৈ আপুনি সুখী হ’ব ৷ পৰিয়ালৰ সৈতেও ভাল সময় পাৰ কৰিব ৷
সিংহ ৰাশি: আজি আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব ৷আজি কাৰ্যালয়ত মন নবহিব ৷ পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷ নিয়মৰ বিৰুদ্ধে কৰা কামৰ ফলত মানহানি ৷ আধ্যাত্মিকতাৰ পৰা সকাহ লাভ কৰিব ৷
কন্যা ৰাশি: সামাজিক আৰু ৰাজহুৱা খণ্ডত লাভৱান হ’ব ৷ বন্ধু-বান্ধৱীৰ পৰা বিশেষ সুবিধা লাভ কৰিব ৷ আপুনি বিবাহিত জীৱনত সুখৰ মুহূৰ্ত অনুভৱ কৰিব ৷ অংশীদাৰিত্বৰ জৰিয়তে আপোনাৰ ব্যৱসায়ক আগুৱাই নিয়াৰ পৰিকল্পনাত কাম কৰিব পাৰে ৷ নিয়োজিত লোকৰ বাবেও দিনটো অনুকূল হ’ব ৷
তুলা ৰাশি: নিয়োজিত লোকৰ বাবে আজিৰ দিনটো অতি উপকাৰী ৷ কৰ্মচাৰীয়ে নিজৰ কামত খ্যাতি আৰু সফলতা লাভ কৰিব ৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব ৷ পৰিয়ালৰ পৰিৱেশ ভাল হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব ৷ স্বাস্থ্য ভাল হ’ব ৷
বৃশ্চিক ৰাশি: আজি ভ্ৰমণ নকৰিব ৷ স্বাস্থ্য ভালে নাথাকিব পাৰে ৷ শিশুৰ সন্দৰ্ভত সমস্যাৰ সৃষ্টি হ’ব ৷ আপোনাৰ আত্মসন্মান যাতে ভাঙি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷
ধনু ৰাশি: আজি মনত উদ্ভৱ হোৱা খেলি-মেলিৰ বাবে আপুনি মানসিক উদ্বেগ অনুভৱ কৰিব ৷ স্বাস্থ্যৰ সন্দৰ্ভত আজি ভাল দিন নহ’বও পাৰে ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷ অনিদ্ৰাই আপোনাক যন্ত্ৰণা দিব ৷ পানী থকা ঠাইৰ পৰা আঁতৰি থকাটো উপকাৰী ৷
মকৰ ৰাশি: আজি আপুনি কৌশলৰ জৰিয়তে শত্ৰুক পৰাস্ত কৰিব ৷ নতুন কাম আৰম্ভ কৰিবলৈ সাজু থাকক ৷ সফলতা পাব ৷ আপোনাৰ সকলো কাম সফল হ’ব ৷ ব্যৱসায়ত লাভ হ’ব ৷
কুম্ভ ৰাশি: মনৰ খেলিমেলিৰ বাবে কোনো সুনিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব নোৱাৰিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ ফলত পৰিয়ালৰ সদস্যৰ লগত অসন্মতিৰ সম্ভাৱনা আছে ৷ ধর্মীয় কামত ব্যয় হ’ব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব ৷
মীন ৰাশি: আজি আপুনি আনন্দ আৰু উৎসাহ অনুভৱ কৰিব ৷ নতুন কাম আৰম্ভ কৰাটো লাভজনক হ’ব পাৰে ৷ বন্ধু-বান্ধৱ আৰু আপোনজনৰ সৈতে সুস্বাদু খাদ্যৰ সোৱাদ লোৱাৰ সম্ভাৱনা আছে ৷ আয়ৰ নতুন উৎস লাভ কৰিব ৷ বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব ৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে ৷