Daily Horoscope for 29th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : পাৰিবাৰিক জীৱনত মানসিক চাপ অনুভৱ কৰিব । আৰ্থিক স্থিতি ভাল । সম্পত্তিত বিনিয়োগ কৰিব পাৰে । ব্যৱসায় কৰা লোকসকলৰ বাবে শুভ ৷ কঠিন পৰিশ্ৰম কৰিব লাগিব ।
বৃষ ৰাশি : আৰ্থিক লাভৰ যোগ । অংশীদাৰী ব্যৱসায় কৰা লোকসকলে ভাল লাভ অৰ্জন কৰিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । স্বাস্থ্য বিশেষ ভাল নহ’ব ।ধৰ্মীয় অনুষ্ঠানতো কিছু সময় কটাওক ৷
মিথুন ৰাশি : প্ৰেমাস্পদৰ সৈতে সুখী হোৱা দেখা যাব ৷ গাৰ্হস্থ্য জীৱনত সুখপূৰ্ণ মুহূৰ্ত কটাব । ব্যৱসায়ত আপুনি অভিজ্ঞ ব্যক্তিৰ সহযোগিতা লাভ কৰিব । কৰ্মক্ষেত্ৰত কামৰ বোজা বেছি হ’ব । শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত মনোনিৱেশ কম হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ।
কর্কট ৰাশি : আৰ্থিক স্থিতি ভাল হোৱাৰ সম্ভাৱনা আছে । চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা পাব পাৰে । উচ্চ শিক্ষাৰ বাবে অতি শুভ সময় ৷ স্বাস্থ্য ভালে থাকিব। পৰিয়ালৰ সহযোগিতা লাভ কৰিব । মাতৃৰ সহায়-সহযোগিতা লাভ কৰিব ।
সিংহ ৰাশি : প্ৰেমাস্পদৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক । পৰস্পৰৰ ওপৰত বিশ্বাস বাঢ়িব । ঘৰুৱা জীৱনত সুখ-শান্তি বিৰাজ কৰিব । জীৱনসংগীয়ে কোনো নতুন কাম আৰম্ভ কৰাত সহায় কৰিব । সম্পত্তি ক্ৰয় কৰাত ধন ব্যয় হ’ব । ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে যথেষ্ট প্ৰয়াস কৰিব । মাতৃৰ সৈতে আপুনি কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ ফলত আপুনি মনত শান্তি পাব ।
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলে পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । প্ৰেম সম্পৰ্কত উত্থান-পতন থাকিব । আৰ্থিক দিশৰ পৰা সপ্তাহটো অধিক ব্যয়বহুল হ’ব । ব্যৱসায়ত সাফল্য লাভ কৰিব ।
তুলা ৰাশি : বিবাহিত জীৱনত বহুত সুখী হ’ব । আপোনাৰ জীৱন সংগীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । সন্তানৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ । আৰ্থিক স্থিতি ভাল । দৈনিক আয় বৃদ্ধি । নতুন বাহন ক্ৰয় কৰিব পাৰে ।
বৃশ্চিক ৰাশি : জীৱন সংগীয়ে কোনো নতুন কাম আৰম্ভ কৰাত সহায় কৰিব । পিতৃয়ে আপোনাৰ ব্যৱসায়ত ধন ব্যয় কৰিব । পৰিয়ালৰ সহযোগিতা লাভ । ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । চাকৰিয়ালসকলে উন্নতিৰ সুযোগ পাব ৷
ধনু ৰাশি : আৰ্থিক দিশৰ পৰা সপ্তাহটো শুভ হ’ব । ব্যয় হ্ৰাস পাব আৰু আয় বৃদ্ধি । আত্মবিশ্বাস বাঢ়িব । নিবনুৱা লোকসকলে ভাল কৰ্মসংস্থাপন লাভ কৰিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । স্বাস্থ্য ঠিকেই থাকিব । বিবাহিত লোকসকলৰ জীৱনত উত্থান-পতন থাকিব ।
মকৰ ৰাশি : পাৰিবাৰিক জীৱন যাপন কৰা লোকসকলৰ বাবে শুভ । জীৱন সংগীৰ অগ্ৰগতিত আপুনি সুখী হ’ব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব। সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব। পুৰণি বন্ধুক লগ পাব। প্ৰেমৰ সম্পৰ্ক ভাল । আৰ্থিক স্থিতি ভাল ।
কুম্ভ ৰাশি : বিবাহিত লোকসকল গাৰ্হস্থ্য জীৱনত সুখী হোৱা দেখা যাব । পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব । আৰ্থিক স্থিতি ভাল । নতুন বাহনৰ সুখ লাভ কৰিব। সম্পত্তিও ক্ৰয় কৰিব পাৰে । সামৰ্থ্যৰ ভিত্তিত চাকৰিয়াল লোকসকলে পদোন্নতি লাভ ।
মীন ৰাশি : প্ৰেমাস্পদৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব আৰু বিবাহৰ প্ৰস্তাৱো দিব পাৰিব । অবিবাহিত লোকসকলৰ সম্পৰ্কৰ কথা ওলাব পাৰে । বিবাহিত লোকসকল গাৰ্হস্থ্য জীৱনত সুখী হোৱা দেখা যাব ।