Local, Vocal, Global

Daily Horoscope for 28th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহুৰ্ততে দূৰ কৰি দিব পাৰে।

বৃষ ৰাশি : আপোনাৰ জীৱন সংগীৰ দায়িত্বহীনতাৰ দৰে স্বভাৱৰ পৰা আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। যাত্ৰা কৰি থাকোতে আপুনি বহুত নতুন ব্যৱসায়িক সুযোগ লাভ কৰিব। আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।

মিথুন ৰাশি : আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। আজি আপোনাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ’ব।

কৰ্কট ৰাশি : কিছুমান এনেকুৱা ঘটনা আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে,যিবোৰ আপুনি বিচাৰিলেও সমাপ্ত কৰিব নোৱাৰিব। কিন্তু আপুনি নিজকে শান্ত কৰি ৰাখক অৰু পৰিস্থিতিৰ লগত সন্মুখীন হব’লৈ সোনকালে প্ৰতিক্ৰিয়া নকৰিব। যিবোৰ মানুহ পইচা ধাৰে ল’বলৈ আপোনাৰ কাষ চাপে ,তেখেত সকলক এৰাই চলক। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। যাক আপুনি ভাল পায় ,তাইৰ/তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে।

সিংহ ৰাশি : জীৱন সংগীৰ স্বাস্থ্যৰ ওপৰত ভাল ভাৱে ধ্যান দিয়ক। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহুৰ্ত লৈ আহিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব আপুনি আজি বহুত সুযোগো লাভ কৰিব। আপুনি ধৈৰ্য আৰু কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে।

কন্যা ৰাশি : বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য বেয়াৰ পিনে ঠেলি দিব পাৰে। দূৰণিবটীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক।

তুলা ৰাশি : লাভ ল’বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। মানসিক স্পষ্টতা আপোনাৰ ব্যৱসায়ত প্ৰতিপত্তি লাভত সহায় কৰিব ,আপুনি সকলো পূৰণি অসুবিধা দূৰ কৰাত সফল হব। আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক।

বৃশ্চিক ৰাশি : নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক।মনত ৰাখিব – এই পাৰ্থিৱ শাৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলব। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। কাম-কাজৰ দিশত আজিৰ দিন বহুত ভাল হোৱাৰ সম্ভাৱনা আছে। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।

ধনু ৰাশি : আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। আপুনি কিবা ভাল খবৰ এটা পাব পাৰে, যি অকল আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰোমাঞ্চিত কৰি দিব ,আপোনাৰ ৰোমাঞ্চক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব’লগীয় মূহূৰ্ত হব।

মকৰ ৰাশি : কিছুমান এনেকুৱা ঘটনা আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে,যিবোৰ আপুনি বিচাৰিলেও সমাপ্ত কৰিব নোৱাৰিব। কিন্তু আপুনি নিজকে শান্ত কৰি ৰাখক অৰু পৰিস্থিতিৰ লগত সন্মুখীন হব’লৈ সোনকালে প্ৰতিক্ৰিয়া নকৰিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো পূৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাতকাৰ হব পাৰে,যাৰ বাবে পূৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰোবাত ফুৰিব গৈ ,লগতে ৰোমাণ্টিক ভাৱে ৰাতিৰ আহৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন।

কুম্ভ ৰাশি : ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। পাৰিবাৰিক দায়িত্বক পাহৰি নাযাব । আপোনাৰ মনৰ কথা প্ৰকাশ কৰি আপুনি নিজকে বহুত খালী আৰু ৰোমাঞ্চিত অনুভৱ কৰিব। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব।

মীন ৰাশি : দূৰণিবটীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে নিজকে সুস্থ কৰি তুলিছে ,যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে।