Local, Vocal, Global

Daily Horoscope for 28th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ আজি আপুনি সন্তানৰ বাবে চিন্তাত থাকিব ৷ মনলৈ বিপৰীত চিন্তা আহিবলৈ নিদিব ৷ ভ্ৰমণ বাতিল কৰক ৷ চৰকাৰী কাম সম্পূৰ্ণ কৰত সফল হ’ব(Daily Horoscope) ৷

বৃষ ৰাশি: আপোনাৰ আজি নিজৰ ওপৰত বিশ্বাস বাঢ়িব আৰু লক্ষ্য স্থিৰ হ’ব ৷ পিতৃ-মাতৃৰ পৰা ভাল খবৰ পাব ৷ চৰকাৰী কামত সফল হ’ব ৷ সন্তানৰ লগত খৰচ বাঢ়িলেও আপোনাৰ আয় বৃদ্ধি হ’ব ৷

মিথুন ৰাশি: নতুন কাম হাতত লোৱাৰ উচিত সময় ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ বচৰ পৰা ভাল প্ৰতিক্ৰিয়া পাব ৷ আজি এটা সৰু ভ্ৰমনত যাব পাৰে ৷ আপোনাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি হ’ব ৷ আপুনি বিচৰা ধৰণে আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু দিনটো ভালৰ পৰা আৰু ভালৰ দিশে গতি কৰিব ৷

কৰ্কট ৰাশি: বিপৰীত চিন্তাধাৰা পৰিত্যাগ কৰক ৷ আপুনি শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ আপুনি কোনো বিষয়তে আজি সন্তুষ্টি লাভ নকৰে ৷ পৰিয়ালৰ সদস্য সকলৰ লগত তৰ্কৰ পৰা আঁতৰত থাকক অন্যথা আপোনাক তেওঁলোকে ভুল বুজিব পাৰে ৷ অতি মাত্ৰা কষ্ট কৰিলেও ছাত্ৰ ছাত্ৰী সকলে উপযুক্ত ফল লাভ নকৰে ৷ খৰচ যিমান পাৰি সিমান কমাবলৈ চেষ্টা কৰক ৷

সিংহ ৰাশি: আজি আপুনি সম্পূৰ্ণ বিশ্বাসেৰে উজ্বলি উঠিব ৷ আপুনি কাম হাতত লোৱাৰ আৰু কাম এৰাৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে আচনি হাতত লব পাৰিব ৷ সামাজিক ক্ষেত্ৰত নাম আৰু সন্মান বুটলিবলৈ সক্ষম হ’ব ৷ কথা কওঁতে সাৱধান হওক ৷ খং ত্যাগ কৰক ৷ শৰীৰৰ যত্ন লওক ৷

কন্যা ৰাশি: আপুনি শাৰীৰিক আৰু মানসিক ভাবে দুৰ্বল অনুভৱ কৰিব ৷ খং আৰু আক্ৰমনাত্মক আচৰনে আপোনাৰ দিন বেয়া কৰি তুলিব ৷ ধৰ্মীয় কামত খৰচ কৰিব লগীয়া হ’ব ৷ শৰীৰৰ যত্ন লওক ৷ যিমান পাৰি সিমান অযুক্তিসংগত তৰ্ক বিতৰ্ক ৰ পৰা আঁতৰি থাকক ৷

তুলা ৰাশি: আজি আপোনাৰ শুভ দিন ৷ কেইবাটাও দিশত লাভে আপোনাক আনন্দিত কৰিব ৷ আমদানি বাঢ়িব ৷ ভ্ৰমনৰ যোগ আছে ৷ মহিলা বন্ধুৰ লগ আনন্দ দায়ক হ’ব ৷ বিবাহপ্ৰাৰ্থীসকলে মনে বিচৰা সংগী লাভ কৰিব ৷ খাদ্যভাস সলনি কৰক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো লাভজনক ৷ আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকুল হ’ব ৷ আজি আপোনাৰ কাম সহজে শেষ কৰিব পাৰিব ৷ পদোন্নতিৰ যোগ আছে ৷ পাৰিবাৰিক জীৱন সুখেৰে ভৰি পৰিব ৷ ব্যৱসায়িক ভ্ৰমণত যাব পাৰে ৷ সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ দিব ৷

ধনু ৰাশি: আজি আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ নকৰিব পাৰে ৷ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিব পাৰে ৷ উদ্দিগ্নতা আৰু মানসিক অশান্তি গা কৰি উঠিব ৷ কামৰ পৰিকল্পনা কৰোতে কিছু সাৱধান হওক ৷

মকৰ ৰাশি: হঠাৎ শৰীৰত অসুস্থতা অনুভৱ কৰিব আৰু তাৰ বাবে খৰচো বাঢ়িব ৷ সামাজিক আৰু দৈন্দদিন কামবোৰ সময়মতে হৈ থাকিব ৷ খোৱা বোৱাত চকু ৰাখক ৷ আক্ৰমনাত্মক নহ’ব ৷ বিপৰীত চিন্তা বাদ দিয়ক ৷

কুম্ভ ৰাশি: আপোনাৰ কামবোৰ সতৰ্কতা আৰু লক্ষ্য স্থিৰকে কৰি যাব ৷ ভ্ৰমনত যাব পাৰে ৷ আপোনাৰ ব্যৱসায়িক ভাগিদাৰে আপোনাৰ বাবে লাভ আনিব ৷ নতুন বাহন কিনাৰ যোগ আছে ৷

মীন ৰাশি: আজি আপোনাৰ বাবে এটা লাভজনক দিন ৷ আপোনাৰ আত্মবিশ্বাস আৰু লক্ষ্যই পূৰ্ণতা প্ৰাপ্তি কৰিব ৷ শৰীৰৰ পৰা কোনো অসুবিধা নাপায় ৷ ঘৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপোনাৰ প্ৰতিযোগীসকলৰ পৰাজয় হ’ব ৷ খঙাল হৈ নপৰিব ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাক সহযোগিতা আগবঢ়াব ৷