Local, Vocal, Global

Daily Horoscope for 28th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ! পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷

বৃষ ৰাশি: আপুনি অধিক সংবেদনশীল আৰু অস্থিৰ হৈ থাকিব, যি আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে । আপোনাৰ মনৰ পৰিৱৰ্তনে সম্পৰ্ক নষ্ট কৰিব পাৰে ৷ মনক নিয়ন্ত্ৰণ কৰক আৰু কথা কওতে সচেতন হওঁক । আপোনাৰ কাম সফলতাৰে সম্পূৰ্ণ কৰাত অলপ পলম হ’ব পাৰে ৷ ধৈৰ্য্য ধৰক ।

মিথুন ৰাশি: এয়া আনন্দ লোৱাৰ সময় । আপোনাক আনন্দ দিয়া বহুতো কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব ৷ বজাৰ কৰা, খোৱা, ৰোমাঞ্চকৰ খেলা যিয়েই হওক । সন্ধিয়ালৈ আপুনি অধিক আবেগিক হৈ থাকিব, যি আপোনাক চিন্তিত আৰু বিৰক্ত কৰিব পাৰে । অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক । আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে।

ককৰ্ট ৰাশি: প্ৰিয় দিন হʼব | ব্যৱসায়ত সফল লাভ হʼব ৷ টকা ৰাহি-খৰচ ভাল ৷ পদোন্নতি হʼব পাৰে ৷

সিংহ ৰাশি: দিনটো প্ৰায় সফল হʼব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷

কন্যা ৰাশি: আনন্দময় দিন হʼব ৷ দোকানত টকা-পইচা খৰচ সাৱধানে কৰিব ৷

তুলা ৰাশি: দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আনন্দৰ দিন হʼব ৷

বৃশ্চিক ৰাশি: কর্মত ব্যস্ত থাকিব ৷ কর্মত প্ৰতিযোগিতা হ’ব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ আনন্দিত ফল লাভ হʼব ৷

ধনু ৰাশি: কর্মত কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷ কর্ম প্ৰতিযোগিতাত বিফল হʼব পাৰে ৷ মনোযোগ দিব ৷

মকৰ ৰাশি: দিনটোৰ প্ৰথমভাগত আপুনি আক্ৰমণাত্মক আৰু বিৰক্ত হৈ থাকিব । আপোনাৰ মনৰ পৰিৱৰ্তনক লক্ষ্য কৰক, ব্যক্তিগত সম্পৰ্কত আঘাত হানিব পাৰে । ঘৰৰ পৰিৱেশ শান্ত আৰু আনন্দময় হব । বিবাহিত লোকসকলে বৈবাহিক আনন্দ লাভ কৰিব ।

কুম্ভ ৰাশি: আজি আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ নিজৰ ওপৰত বিশ্বাস-ভৰসা ৰাখক ৷ সফল হ’ব ৷

মীন ৰাশি: এটা আনন্দময় দিন । আপোনাৰ ব্যৱসায়ে বিস্তাৰ লাভ কৰিছে আৰু আপোনাক বিভিন্ন স্থানলৈ লৈ যোৱাৰ সম্ভাৱনা আছে । আপোনাৰ কামৰ দ্বাৰা জ্যেষ্ঠসকল সন্তুষ্ট হৈছে আৰু ই আপোনাৰ প্ৰতি তেওঁলোকৰ ইতিবাচন মনোভাৱকে দৰ্শায় । আপোনাৰ লাভ আৰু আয় বৃদ্ধি পাব । বৰ্তমানৰ আনন্দময় সময় উপভোগ কৰক ।