Daily Horoscope for 28th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ গভীৰ চিন্তাধাৰাই আপোনাক আগুৰি ধৰিব ৷ নিজকৰ সৈতে সময় কটাওক ৷ সাৱধান থাকক ৷ হঠাৎ বিপদ হ’ব পাৰে ৷
বৃষ ৰাশি : গণেশৰ কৃপাত এটা আনন্দৰে ভৰা দিন ৷ ব্যৱসায় আৰু চাকৰিত সফলতা লাভ ৷ সফল ব্যবসায়িক যোগসূত্ৰ লাভ ৷ সমাজত স্বীকৃতি বাঢ়িব ৷ ধন গমন হ’ব পাৰে ৷
মিথুন ৰাশি : ব্যৱসায়ত শুভ ৷ নিজৰ সফলতা প্ৰিয়জনৰ লগত উপভোগ কৰক ৷ নিজকে সতেজ আৰু শাৰীৰিকভাৱে সক্ষম অনুভৱ কৰিব ৷ খং নিয়ন্ত্ৰণ কৰক ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ ৷
কৰ্কট ৰাশি : মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ পেটৰ সমস্যাত ভুগিব ৷ ভ্ৰমণ বাতিল কৰক ৷
সিংহ ৰাশি : গণেশৰ আৰ্শিবাদত দিনটো মধ্যমীয়া ৷ শান্ত থাকক, সকলো বিষয়ত চকু ৰাখক ৷ খং নিয়ন্ত্ৰণ কৰক ৷ জিৰণি লওক ৷
কন্যা ৰাশি : এটা গতানুগতিক দিন ৷ নিজকে শান্ত অনুভৱ কৰিব আৰু আনৰ লগত সম্পৰ্ক ভাল কৰক ৷ সহকৰ্মীৰ পৰা সহযোগ লাভ ৷ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহী ৷
তুলা ৰাশি : মানসিকভাৱে দিনটো দুৰ্বল অনুভব কৰিব ৷ সিদ্ধান্ত লওতে টান হ’ব ৷ নতুন আৰম্ভণিৰ বাবে শুভ নহয় ৷ কাৰো লগত তৰ্ক নকৰিব ৷ চিন্তা মুক্ত থাকক ৷শৰীৰ ভাল ৷ মানসিক শান্তি লাভ ৷ ধনৰ দিশৰ পৰা লাভবান ৷
বৃশ্চিক ৰাশি : গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ সুখী অনুভৱ কৰিব ৷ সময় ভাল, প্ৰিয়জন আৰু বন্ধুৰ লগত উপভোগ কৰক ৷ মানসিক শান্তি লাভ ৷ শৰীৰ ভাল ৷ ঘৰুৱা পৰিৱেশ শান্ত ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণৰ যোগ ৷
ধনু ৰাশি : নতুনত্বৰ সোৱাদ ল’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ মানসিকভাৱে সুস্থ থাকক ৷ প্ৰাৰ্থনা, যোগ আৰু ধ্যান কৰক ৷
মকৰ ৰাশি : দিনটো শুভ ৷ প্ৰিয়জনক লগ পায় আপুনি সুখী অনুভৱ কৰিব ৷ উপহাৰ লাভ ৷ ভ্ৰমণৰ বাবে শুভ সময় ৷ নতুনকৈ বস্তু কিনিব পাৰে ৷ ব্যৱসায়ত শুভ ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে ভাল সময় ৷
কুম্ভ ৰাশি : মানসিক আৰু শাৰীৰিকভাৱে দিনটো ভাল ৷ ব্যৱসায়ত সফল ৷ পুৰস্কাৰ লাভ ৷ সহকৰ্মীৰ লগত বন্ধুত্বপূৰ্ণ সম্বন্ধ বজাই ৰাখক ৷
মীন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ এলাহ ভাব আহিব পাৰে ৷ ফলত মন বেয়া হৈ থাকিব ৷ বচৰ লগত কোনো বিষয়ত আলোচনা কৰোতে সাৱধান হ’ব ৷ ব্যৱসায় অলপ বেয়া হ’ব ৷ কোনো বিশেষ সিদ্ধান্ত গ্ৰহণ নকৰাই ভাল ৷