Local, Vocal, Global

Daily Horoscope for 28th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় । নিজৰ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাৰ প্ৰতি চকু দিয়ক ।

বৃষ ৰাশি: আপুনি প্ৰচণ্ড দুঃশ্চিন্তাত থাকিব কিছুমান কথাক লৈ ৷ ই আপোনাৰ কামতো বাধা সৃষ্টি কৰিব পাৰে। সাৱধানে থাকক ।

মিথুন ৰাশি: ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে আজিৰ দিনটো ভাল । চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত কামৰ বাবে প্ৰশংসিত হ’ব, পদোন্নতি হ’ব পাৰে। বিবাহ প্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ ।

কৰ্কট ৰাশি: আজি দিনটো আপোনাৰ বাবে শুভ হ’ব ৷ বিৰল উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে ৷ কৰ্মক্ষেত্ৰত আৰু ঘৰত সময় সুখেৰে পাৰ হ’ব ৷অনুকূল গ্ৰহৰ প্ৰভাৱত আপোনাৰ সন্মান আৰু আৰ্থিক অৱস্থানৰ উন্নতি হ’ব ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । আপুনি অত্যধিক চিন্তাত থাকিব পাৰে ৷ শৰীৰ ভালে নাযাব বা অৱশ অনুভৱ কৰিব ৷ কোনোবাৰ কথাত খং উঠিলেও সেয়া প্ৰকাশ নকৰিব । তৰ্ক-বিতৰ্ক কৰা মানুহৰপৰা দূৰত থাকক ।

কন্যা ৰাশি: আপোনাৰ মনত হয়তো অপেক্ষাকৃত কোনো বিদ্ৰোহাত্মক চিন্তা সক্ৰিয় হৈ আছে, যিয়ে কৰিব ভাবি চিন্তি কৰিব । আপোনাৰ স্বৰূপ আৰু মূল্যবোধৰ বিৰুদ্ধে যোৱা কোনো কাম কৰিবলৈ নাযাব । ব্যয় বৃদ্ধি হ’ব পাৰে আৰু পৰিস্থিতিও হতাশাজনক হ’ব পাৰে ।

তুলা ৰাশি: আপোনাৰ প্ৰেমত এক অতি উত্তম সময় আহি আছে । অবিবাহিতসকলৰ বাবেও ভাল খবৰ আহিব পাৰে । আপুনি জীৱনৰ এক সর্বোৎকৃষ্ট সময় উপভোগ কৰিব । ব্যৱসায়ী আৰু বৃত্তিধাৰীসকলৰ বাবে সময় ভাল । আপোনাৰ সামাজিক মান বৃদ্ধি পাব পাৰে ।

বৃশ্চিক ৰাশি: ইতিবাচক পৰিৱেশ অনুভৱ কৰিব । অংশীদাৰ আৰু সহকৰ্মীসকলৰপৰা সহযোগিতা লাভ কৰিব আৰু পিতৃ-মাতৃৰপৰা উৎসাহজনক সংবাদ পাব । আৰ্থিক লাভৰ যোগ আছে । ৰৈ থকা কামবোৰ আপুনি অতি সহজতে সম্পন্ন কৰিব পাৰিব ।

ধনু ৰাশি: আপোনাৰ গ্ৰহৰ জটিল অৱস্থান এতিয়াও ঠিক হোৱা নাই । সেই কাৰণে আপুনি অসুস্থ আৰু মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে।সন্তানক লৈ দুশ্চিন্তাত থাকিব ৷

মকৰ ৰাশি: আজিৰ দিনটো আপোনাৰ এলাহ্যভাৱ লাগি থাকিব । যাৰ ফলত আপুনি নিস্তেজ আৰু নিশকতীয়া অনুভৱ কৰি থাকিব । আজিৰ দিনটো সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব, যাৰ ফলত আপুনি কোনো কামত ভালকৈ মনোযোগো দিব নোৱাৰিব । ধৈৰ্য ধৰক আৰু সতৰ্ক হৈ থাকক ।

কুম্ভ ৰাশি: আজিৰ দিনটো যোৱা এপষেকৰ আটাইতকৈ আনন্দদায়ক দিন হৈ উঠিব আপোনাৰ বাবে । ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে বা পৰিয়ালক লৈ সৰুসুৰাকৈ প্ৰমোদভ্ৰমণতো যাব পাৰে । আপুনি পৰিয়ালৰ সদস্যৰ সংগ উপভোগ কৰিব ।

মীন ৰাশি: আজিৰ দিনটো মধ্যমীয়া । কিন্তু ইয়াৰ অজুহাতত আপুনি সেই দৈনন্দিন অভ্যাসবোৰক আওকাণ নকৰিব, যিবোৰ আপুনি অলপতে গঢ়ি তুলিছে । বাহিৰত খাবলৈ নাযাব । স্বাস্থ্যকৰ খাদ্য ৰান্ধক আৰু নিজক শাৰীৰিকভাৱে সুস্থ ৰাখক ।