Local, Vocal, Global

Daily Horoscope for 28th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। প্ৰেমৰ বাবে ভাল দিন। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।

বৃষ ৰাশি : স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী। আজি আপোনাক আপোনাৰ প্ৰিয়জনৰ স্মৃতিয়ে আমনি কৰিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুছি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হব পাৰে।কিন্তু জীৱন সংগী ৰ ফালেদি এই বোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব।

মিথুন ৰাশি : আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ জীৱন সংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ঘৰত আপোনাৰ সন্তান যিকোনো সৰু ঘটনা এটাক বহুত ডাঙৰ কৰি কোৱাৰ বাবে আপুনি পৰিস্থিতিক চালি-জাৰি নোচোৱাকৈ একো পদক্ষেপ নলয় যাতে। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব।

কৰ্কট ৰাশি : ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে।

সিংহ ৰাশি : আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন ,যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। যি লোকসকলে ভেটি-মাটী কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমানৰ ধন লাভ হব। সেইবাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰে কিন্তু বহুত সময়ত জীৱনটোক অলপ অৱসৰো দিব লাগে আৰু পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিব লাগে। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে।

কন্যা ৰাশি : আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। আপোনাৰ আৰু জীৱন সংগীৰ মাজত বিশ্বাসৰ এক দূৰ্বলতা আহিব পাৰে ,যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হব পাৰে।

তুলা ৰাশি : আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে। পৰিয়ালৰ লগত যিকোনো শ্বপিং ম’ল ত যোৱাৰ সম্ভাৱনা আছে, অৱশ্যে ইয়াৰ ফলত আপোনাৰ খৰচ হব পাৰে।

বৃশ্চিক ৰাশি : এনেকুৱা গতিবিধিৰ লগত সংযোগ ৰাখক ,যি আপোনাক সতেজতা প্ৰদান কৰে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। আপুনি এনেকুৱা কৰাৰ পৰা আতঁৰি থাকিব। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ পক্ষে লাভদায়ক হব।

ধনু ৰাশি : কোনোবা সন্মানীয় আৰু ডাঙৰ ব্যক্তিক লগ কৰাৰ সময়ত ভয় নাখাব আৰু আত্ম বিশ্বাস বনাই ৰাখক । মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই ,এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক’ব লাগে যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হব লগতে প্ৰেমত এক নতুনত্ব প্ৰাপ্ত হ’ব।

মকৰ ৰাশি : বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব -কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। আপুনি নিজৰ ঘৰ খনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব।

কুম্ভ ৰাশি : ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক।

মীন ৰাশি : আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।