Local, Vocal, Global

Daily Horoscope for 27th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক হ’ব । আজি আপুনি আৰ্থিক পৰিকল্পনাৰ পৰা লাভৱান হ’ব ।আজি আপুনি বহুতো লোকক লগ পাব পাৰে। প্ৰেমত শুভ ৷

বৃষ ৰাশি: আপুনি যদি ৰাজহুৱা বক্তৃতা দিয়ে, তেতিয়া হ’লে আজি আপুনি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিব ।আজি আপোনাৰ জ্ঞান আহৰণ কৰা ক্ষমতা অস্বাভাৱিক ধৰণত বৃদ্ধি পাব ৷ প্ৰিয়জনৰ সৈতে মনোমালিন্য হোৱাৰ আশংকা৷

মিথুন ৰাশি: আপোনাৰ আবেগে যেন আপোনাক পৰাস্ত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব ।আজি আপুনি পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক । আজি আপোনাৰ গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব । আপোনাৰ টোপনিৰ ক্ষতি হ’ব পাৰে। ভ্ৰমণ নকৰিব ।

কৰ্কট ৰাশি: আজি আপুনি আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ হৈ থাকিব । সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ সৈতে সাক্ষাতৰ হ’ব ।আপোনাৰ প্ৰতিযোগীসকলে পৰাস্ত হ’ব আৰু আপুনি যিসকলক ভাল পায় তেওঁলোকৰ মন জয় কৰিব আপুনি । সৰুসুৰা ভ্ৰমণ আপোনাৰ দিনটোক অধিক আনন্দময় কৰি তুলিব ।

সিংহ ৰাশি: সকলো ফালৰপৰা আপোনাৰ দিনটো আজি মধ্যমীয়া । পৰিয়ালৰ সৈতে আজিৰ দিনটো ভালকৈ পাৰ হ’ব। আৰ্থিক দিশত আজিৰ দিনটো আপোনাৰ বাবে ভাল নহয় । কাম কাজত সামান্য নিয়ম-শৃংখলা মানি চলক।

কন্যা ৰাশি: আপুনি আজি নিজৰ নম্ৰ ব্যৱহাৰ আৰু মিঠা মাতেৰে সকলক মুগ্ধ কৰি দিব । এয়া আপোনাৰ বিভিন্ন ফালৰপৰা উপকৃত কৰিব । বৌদ্ধিকভাৱে আপোনাৰ উন্নতি হ’ব । আপোনাৰ চিন্তাধাৰা সলনি হ’ব । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ভাল নহয় । আজি আপোনাৰ স্বাস্থ্য বৰ বেয়া হৈ থাকিব, ইয়াক আওকাণ নকৰিব । নভবাকৈ চিন্তা নকৰাকৈ কোনো কথা কৈ কাকো অপমান কৰি নিদিয়ে যেন, লক্ষ্য ৰাখিব । নিজৰ খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল । আপোনাৰ দৰমহা বা আয়বৃদ্ধি হোৱাৰ যোগ আছে । আজি আচলতে দিনটো বৰ ভালেই । আপোনাৰ কামক লৈ ঊৰ্ধ্বতনসকলে সুখী হ’ব । আপোনাৰ জীৱনসংগী বা জীৱনসংগিনীও সুখী হ’ব ।

ধনু ৰাশি: আপুনি আজি সুখী আৰু আনক সহায় কৰাৰ বাবে আগ্ৰহী হৈ উঠিব ৷ আপোনাৰ লক্ষ্য আপোনাৰ কাম সোনকালে শেষ কৰাৰ ওপৰত থাকিব ৷পদোন্নতি হ’ব পাৰে ৷ ব্যৱসায়ীসকলৰ ব্যবসায়িক ভ্ৰমনৰ যোগ আছে ৷

মকৰ ৰাশি: এটা মিশ্ৰিত ফলদায়ক দিন ৷ বৌদ্ধিক কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত অসুবিধাৰ সন্মূখীন হ’ব ৷ আপোনাৰ শৰীৰ বৰ ভালে নাযাব। অশান্তি লাভ কৰিব ৷

কুম্ভ ৰাশি: ভগৱানক ভাবক আৰু ধ্যান বা যোগ কৰক ৷ এই সকলোবোৰে মনক শান্তি প্ৰদান কৰিব ৷ ঘৰত হোৱা ধৰ্মীয় অনুষ্ঠানৰ বাবে খৰচৰ মাত্ৰা বাঢ়িব ৷

মীন ৰাশি: আজি আপুনি আপোনাৰ কলা সন্মত দিশটো সকলোকে দেখুৱাই দিয়ক ৷ আপুনি যদি ব্যৱসায়ৰ বাবে সহযোগী বিচাৰিছে তেওঁক আজিয়েই পাব পাৰে ৷ বন্ধুক লগ কৰি আৰু চিনেমা চাই আজি আনন্দ উপভোগ কৰিব পাৰে ৷ কামৰ হেঁচা বহুখিনি পাতল কৰিব পাৰিব ৷

লগতে পঢ়ক : Firing in Nagaon: নগাঁৱত চাঞ্চল্যকৰ গুলীচালনা, দুৰ্বৃত্তৰ গুলীত আহত ঔষধ বিপণিৰ স্বত্বাধিকাৰী