Local, Vocal, Global

Daily Horoscope for 27th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আজি অকল অচিনাকি ব্যক্তি নহয় আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে।বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিনতো এই কাম কৰিবলগীয়া হ’লেই হয় সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কামটো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে।

বৃষ ৰাশি : ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা-দেউতাক মনোকষ্ট দিব পাৰে, যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ লগৰীয়া আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে তেন্তে বহি মেলি আপোনালোকে এই কথাৰ মীমাংসা কৰাৰ প্ৰয়োজন আছে।

মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক।আজি আপুনি আপোনাৰ আত্মীয়ক পইচা ধাৰ লৈ নিদিব ।আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। অফিচত নিজৰ ভুল স্বীকাৰ কৰিলে পক্ষ আপোনাৰ পিনে যাব,কিন্তু অপুনি ইয়াক শুদ্ধ কৰাৰ বাবে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে ,আপোনাৰ বাবে যাৰ ক্ষতি অথবা লোকচান হৈছে তেখেতৰ পৰা ক্ষমা বিচাৰক। নতুন বিচাৰ আৰু চিন্তা পৰীক্ষা কৰাৰ বহুত ভাল সময়।

কৰ্কট ৰাশি : আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশা সমূহ একেবাৰে নোহোৱা হৈ পৰিব। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। আপুনি অলপ নিৰাশ হব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখত লব’লগীয় মূহূৰ্ত হব। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ’লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব।

সিংহ ৰাশি : আজি আপুনি বহুত সুখী অনুভৱ কৰিব। দূৰণিবটীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। এনেকুৱা বন্ধুৰ লগত বাহিৰত ফুৰিব যাওক যি আপোনাৰ সমস্যা আৰু প্ৰয়োজন সমূহ বুজিব পাৰে। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব।

কন্যা ৰাশি : ব্যস্ত দিনযোৰা ৰুটিনে আপোনাক খঙাল কৰি তুলিব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে।

তুলা ৰাশি : আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। ঘৰৰ মানুহৰ লগত সময় অতিবাহিত কৰিলে সুখী অনুভৱ কৰিব। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব।

বৃশ্চিক ৰাশি : প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। পৰিয়ালত কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। কাম-কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব।আপোনাৰ জীৱন সংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে।

ধনু ৰাশি : বহুত বেছি আনন্দ আৰু ৰোমাঞ্চক ভংগীয়ে আপোনাৰ স্নায়ু তন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনা সমূহক নিয়ন্ত্ৰণ কৰক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন।

মকৰ ৰাশি : আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। যদি আপুনি কাৰোবাক দিয়া ঋণ বহুতদিনৰ পৰা উভতাই বিচাৰি আছে কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে , তেখেত আজি একো নোকোৱাকৈ আপোনাৰ পাওনা খিনি ঘুৰাই দিব। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হব। প্ৰপ্ৰেমৰ ফালেদি চাব গলে আজি এক ৰোমাঞ্চকৰ দিন।

কুম্ভ ৰাশি : ধৈৰ্য বনাই ৰাখক । আপোনাৰ ভৱিষ্যতক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দোষটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহি পৰিব। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ।

মীন ৰাশি : আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আপোনাৰ ব্যক্তিগত দিশত হোৱা যিকোনো বৃহৎ বস্তু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে উল্লাসৰ খবৰ লৈ আহিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব আপুনি আজি বহুত সুযোগো লাভ কৰিব।আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে।