Local, Vocal, Global

Daily Horoscope for 26th March : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। বন্ধুয়ে আপোনাক আজি সুখী কৰি তুলিব। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ’ব। কাম-কাজত অলপ সমস্যাৰ পিছত আপোনাৰ দিনটোত কিছু ভাল হোৱা দেখিবলৈ পাব । ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব।

বৃষ ৰাশি : আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে।

মিথুন ৰাশি : প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। কাম- কাজৰ দিশত আপুনি সকলোৰে মৰম আৰু সহযোগ পাব পাৰে। আজি আপোনাৰ জীৱন সংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হব।

কৰ্কট ৰাশি : আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক । আপোনাৰ ওচৰে পাজৰে থকা কোনোবা ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেত আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক ,যি প্ৰশংসাৰ যোগ্য হওক আৰু আপোনাৰ প্ৰতিষ্ঠাক বৃদ্ধি কৰক। আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত খঙ কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক কবলৈ পাহৰি গৈছে।

সিংহ ৰাশি : নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। আজি পাৰ্টীত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকী হব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব।

কন্যা ৰাশি : আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাৰ অনুভৱ হব । আপোনাৰ ভৱিষ্যত সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। অফিচত আপোনাৰ যাৰ লগত সকলোতকৈ কম কথা হয় ,তাৰ লগত আজি কথা হব পাৰে।

তুলা ৰাশি : আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত লৈ আহিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে।

বৃশ্চিক ৰাশি : কোনোবা কাজিয়াখোৰ ব্যক্তিৰ লগত হোৱা বাদ বিবাদে আপোনাৰ মন বেয়া কৰিব পাৰে। জ্ঞানী দৰে চিন্তা কৰক আৰু যিমান দূৰ সম্ভৱ এইবোৰৰ পৰা আতৰি ফুৰক কাৰণ এইবোৰে আপোনাৰ একো ভাল নকৰিব। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব।

ধনু ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। অপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব।

মকৰ ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। অনাকাংক্ষিত ভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হব আৰু দিনটো বহুত ভাল ভাৱে আপোনাৰ অতিবাহিত হব। কিছুমাান মানুহক অফিচত উন্নতি প্ৰাপ্ত হব। স্পষ্ট ভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোতে ভয় নাখাব। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে।

কুম্ভ ৰাশি : আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। যিসকল লোকে কৰবাত বিনিয়োগ কৰি থৈছিলে আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে । বেলেগৰ লগত ভাল ভাৱে ব্যৱহাৰ কৰক ,বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব।

মীন ৰাশি : আজিৰ দিনটো কৰা দান-পূণ্যৰ কাম আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হব পাৰে। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব।আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱা আৰু কাম-কাজৰ স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব।