Local, Vocal, Global

Daily Horoscope for 26th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ স্বাস্থ্যৰ সমস্য়াত ভুগিব পাৰে । আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো জীৱন সংগীৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ৷

বৃষ ৰাশি : কৰ্মৰত লোকসকলৰ ক্ষেত্ৰত যদি চাকৰি সলনি কৰাৰ সিদ্ধান্ত লৈছে, তেন্তে এয়া সঠিক সময় ৷ পদোন্নতি হোৱাৰ সম্ভাৱনা ৷ ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰা লোকসকলে ধনাত্মক লাভ অৰ্জন কৰিব । স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱাৰ প্ৰয়োজন ৷ স্বাস্থ্যজনিত সমস্যাৰ ফলত মানসিক চাপৰ সন্মুখীন হ’ব পাৰে ।বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত জীৱন সংগীৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷

মিথুন ৰাশি : অত্যধিক অৰ্থ ব্যয় হ’ব । বজাৰ কৰা আৰু ভ্ৰমণৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ’ব পাৰে । সুস্থ হৈ থাকিব, কিন্তু কিছুমান পুৰণি ৰোগ হোৱাৰ সম্ভাৱনা আছে । যিকোনো শৈক্ষিক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে নিজৰ আত্মবিশ্বাস বজাই ৰাখক ।

কর্কট ৰাশি : চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত নিজৰ অৰ্হতাৰ ভিত্তিত ভাল চাকৰি এটা পাব পাৰে । পদোন্নতিও লাভ কৰিব ৷ চকুৰ কোনো এক সমস্যাৰ সন্মুখীন হ’ব পাৰে, এনে পৰিস্থিতিত সতৰ্কতা অৱলম্বন কৰা উচিত ৷

সিংহ ৰাশি : দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে । এনে পৰিস্থিতিত নিজৰ স্বাস্থ্যৰ ভালদৰে যত্ন লওক । ফলত পুৰণি সম্পৰ্ক পুনৰ গঢ়ি উঠিব পাৰে ।

কন্যা ৰাশি : চাকৰি পৰিৱৰ্তন কৰিব বিচৰাসকলৰ বাবে লাভজনক হ’ব । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত যদি কাৰোবাৰ লগত বহুদিনীয়া সম্পৰ্কত আছে, তেন্তে বিবাহৰ বন্ধনত আবদ্ধ হ’ব পাৰে । বন্ধু-বান্ধৱীৰ বাবে এক পাৰ্টীৰ আয়োজন কৰিব পাৰে আৰু ই আপোনাক যথেষ্ট সুখী কৰিব ।

তুলা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, এই সময়ত নিজকে অতি সবল তথা উৎসাহী অনুভৱ কৰিব । সৰু-সুৰা কথাত বেছি লাগি থাকিলে মানসিক স্বাস্থ্যৰ বাবে ই ক্ষতিকাৰক হ’ব পাৰে । অত্যধিক আত্মবিশ্বাসৰ পৰিণাম বিপৰীত তথা বিষম হ’ব পাৰে ৷

বৃশ্চিক ৰাশি : মৌনতা অৱলম্বন কৰক ৷ স্বাস্থ্য সন্দৰ্ভত এই সময়ত কিছু যত্ন লওক ৷ অন্যথা পাছলৈ সমস্যাৰ সন্মুখীন হ’ব পাৰে । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ সংগীৰ প্ৰতি সম্পূৰ্ণ বিশ্বস্ত হোৱা উচিত, যাতে সম্পৰ্ক মধুৰ হৈ থাকে ।

ধনু ৰাশি :দিনটো অনুকূল । উদ্যোগীসকলে নতুন কৌশল ৰূপায়ণ কৰিবলৈ সক্ষম হ’ব, যিবোৰ আপোনাৰ বাবে ভাল হ’ব আৰু উচিত মূল্য লাভ কৰিব পাৰিব ৷ ৰাজনীতিৰ পৰা আঁতৰি থাকক । স্বাস্থ্যৰ ক্ষেত্ৰত, এই সপ্তাহত বহুদিন ধৰি ভুগি থকা কোনো ৰোগৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে । আৰ্থিকভাৱে এই সময়ছোৱা গতানুগতিক হৈয়ে থাকিব ।

মকৰ ৰাশি : চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত যদিহে চাকৰি পৰিৱৰ্তন কৰাৰ কথা ভাবিছে, তেন্তে সেই ধাৰণাটো পৰিত্যাগ কৰাটো ভাল হ’ব, কিয়নো ইয়াৰ ফলত আপোনাৰ বৰ্তমান স্থিতি বিপন্ন হ’ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰমৰ ফলত ভৰি বা পিঠিৰ বিষ হ’ব পাৰে ৷ জিৰণিৰ প্ৰয়োজন ৷ শিক্ষাৰ্থীৰ ক্ষেত্ৰত অবাঞ্ছনীয় সংগীৰ লগ লোৱাটো এৰাই চলা উচিত ৷

কুম্ভ ৰাশি :চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত যদি নতুন সুযোগৰ বাবে বৰ্তমানৰ চাকৰি এৰাৰ কথা ভাবিছে, তেন্তে কিছু সময়ৰ বাবে সেয়া বাতিল কৰক ৷ শিক্ষাৰ্থীৰ ক্ষেত্ৰত এলাহ ভাব বৃদ্ধি পাব পাৰে ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ প্ৰভাৱৰ ফলত কিছু ব্যৱধানৰ সন্মুখীন হ’ব পাৰে । দাম্পত্য সম্পৰ্কৰ ক্ষেত্ৰত জীৱন সংগীৰ সৈতে কোনো বিশেষ কথাত মতানৈক্য হ’ব পাৰে ।

মীন ৰাশি : কেৰিয়াৰৰ ক্ষেত্ৰত যদি চাকৰি পৰিৱৰ্তন কৰাৰ কথা ভাবিছে, তেন্তে এতিয়াৰ বাবে সেয়া স্থগিত ৰখাটো উত্তম হ’ব । ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত পূৰ্বৰ কিছুসংখ্যক প্ৰকল্পই পুনৰ গতি লাভ কৰিব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট শক্তিসম্পন্ন অনুভৱ কৰিব ৷ কিন্তু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে । আৰ্থিক ক্ষেত্ৰত এই সপ্তাহত কিছু অপ্ৰয়োজনীয় ব্যয় হোৱাৰ সম্ভাৱনা আছে ।