Local, Vocal, Global

Daily Horoscope for 24th December : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰাণায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। দূৰৰ আত্মীয়ৰ যি সংবাদৰ আপুনি আশা কৰি আছিল সেই ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে(Daily Horoscope)।

বৃষ ৰাশি : আপুনি অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেওনাৰ পৰা বাহিৰ কৰিব বিচাৰে। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব।আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়।

মিথুন ৰাশি : আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হব পাৰে। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। আজিৰ সন্ধিয়া বন্ধু বৰ্গৰ লগত আপোনাৰ সময় অতিবাহিত হব , কৰোবাত বাহিৰত আপুনি বন্ধুৰ হতৰ লগত সময়ৰ ভৰ্পুৰ আমেজ লব পাৰিব ,কিন্তু স্বাস্থ্যৰ পিনে লক্ষ্য কৰি অলপ চম্ভালি চলাটো অধিক ভাল হব।

কৰ্কট ৰাশি : আলস্য জীৱনত এক বিষৰ দৰে কাম কৰে সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত কৰি ৰাখক আৰু এই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। যিবোৰ মানুহ পইচা ধাৰে ল’বলৈ আপোনাৰ কাষ চাপে ,তেখেত সকলক এৰাই চলক। সন্ধিয়া সময়ত বন্ধু সকলৰ লগত ঘুৰা-ফুৰা কৰক ,কাৰণ এয়া আপোনাৰ এই সময়ৰ বাবে খুবেই প্ৰয়োজনীয়। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে। ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে।

সিংহ ৰাশি : বাহিৰৰ গতিবিধি আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হব । মহলত থকা দৰে জীৱন শৈলীয়ে আপোনাক সদায় চিন্তিত কৰি ৰাখিব যাৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক বিকাশ বন্ধ হৈ যাব ,এই স্বভাৱ আপোনাক খঙাল আৰু অস্থিৰ বনাই দিব পাৰে। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আপোনাৰ উপযোগিতাৰ শক্তিক ধনাত্মক চিন্তা আৰু কথা বতৰাৰ জৰিয়তে বিকশিত কৰক যাতে আপোনাৰ পৰিয়ালৰ লাভ হওক। আজি আপুনি কিছু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব পাৰে কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱাৰ সাহস গোটাই লব পাৰিছে তেন্তে বহুত কাম সম্পূৰ্ণ হব পাৰে আজি।

কন্যা ৰাশি : বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। আপোনাৰ ধাৰণাৰ ফলত লাভ হব পাৰে। কিছুমান লোক আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে ,সিঁহতক ভ্ৰূক্ষেপ নকৰিব। প্ৰেমাস্পদ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। আজি কিবা সমস্যাই আপোনাক গোটেই দিন অসুবিধা দিব পাৰে ।এই সমস্যা দুৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক।

তুলা ৰাশি : আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে।আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশ টো প্ৰকাশ কৰিব পাৰে।

বৃশ্চিক ৰাশি : ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শন্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলে বাহিৰা কিতাপ পঢ়ক। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিঁহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সঁচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। আজি আপুনি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হহোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশি : আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক। পৰিয়াল জীৱনৰ এক অভিন্ন অংগ ,আজি নিজৰ পৰিয়ালৰ লগত ফুৰাৰ আনন্দ লব পাৰে।

মকৰ ৰাশি : জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব । আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ’ব । এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ’ব কাৰণ এইটোয়ে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। ভাই -ভনীৰ সহায়ত অৰ্থ লাভৰ পুৰ্ণ আশংকা আছে। নিজৰ ভাই ভনীৰ উপদেশ লওক। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে।

কুম্ভ ৰাশি : আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষাত থিয় হব নোৱাৰিব, এই বাবে আপুনি অলপ নিৰাশ হব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিত ভাৱে আপোনাৰ সন্তানৰ আত্ম-বিশ্বাস বঢ়াই তুলিব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব ।

মীন ৰাশি : যেতিয়া কিবা নিৰ্ণয় ল’বলৈ চেষ্টা কৰিব তেতিয়া আপুনি বেলেগৰ ভাৱনা সমূহত গুৰুত্ৱ দিয়া উচিত । আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে যাৰ বাবে আপুনি মানসিক ভাৱে হতাশ হৈ পৰিব পাৰে। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱ নাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।