Local, Vocal, Global

Daily Horoscope for 23th september : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাৰ এলাহ ভাবে কামবোৰ বিৰক্তিদায়ক কৰি তুলিব ৷ খঙৰ বাবেই আজি আপোনাৰ ব্যক্তিগত আৰু কৰ্মজীৱনত কু-প্ৰভাৱ পেলাব ৷ ধৰ্মক্ষেত্ৰ ভ্ৰমণ কৰক যি আপোনাৰ মনত শান্তি দিব ৷

বৃষ ৰাশি : যোগ আৰু ধ্যানে কৰক ই আপোনাৰ মনৰ শান্তি ঘুৰাই আনে ৷ আপুনি নিজকে যেতিয়া আপোনাক দিয়া কামৰ বাবে যোগ্য বুলি নাভাবে তেতিয়ালৈকে আপোনাৰ মনলৈ শান্তি নাহে ৷ শৰীৰত বিষ, অস্থিৰ মানসিক স্থিতি, নতুন আৰম্ভণিৰ আদি চিন্তাই কাম শেষ কৰাত পলম কৰিব ৷ খোৱা-বোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক(Daily Horoscope) ৷

মিথুন ৰাশি : আজিৰ আপোনাৰ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’ব আৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷

কৰ্কট ৰাশি : চৰকাৰী চাকৰিয়াল আৰু নতুনকৈ কামত সোমোৱা সকল বিশেষভাৱে কাৰ্যালয়ৰ পৰিবেশৰ দ্বাৰা প্ৰভাবিত হ’ব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পায় সন্তুষ্ট হ’ব ৷

সিংহ ৰাশি : আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই আপোনাৰ কৰ্ম কুশলতা বহাব, কামত আৰু আগবাঢ়িব পাৰিব ৷ আপোনাৰ কামে ওপৰৱালাক সুখী কৰিব আৰু তেওঁলোকৰ পৰা ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ এই সৌভাগ্য আপোনাৰ পৰিয়ালৰ লগতো ভগাই লওক ৷

কন্যা ৰাশি : আজি আপোনাৰ দিনটো বৰ সফল দেখা নাযায় ৷ আজি আপুনি মানসিক অসুস্থতা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজাৰ পৰা সাৱধান ৷

তুলা ৰাশি : নতুন আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তোসপূৰ্ণ কৰাত সহায় কৰিব ৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ শত্ৰুৰ লগত বিজয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷

বৃশ্চিক ৰাশি : আজি এটা মধ্যম দিন ৷ টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ সকলোৰে ব্যৱহাৰৰ সলনিৰ ওপৰত চকু দিয়ক, কাৰণ তেওঁলোকে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ আপোনাৰ চাৰিওফালি অলপ বেয়া সময় চলি থকা যেন অনুভব হ’ব ৷

ধনু ৰাশি : আজি আপোনাৰ বাবে অলপ ভাল দিন ৷ সামাজিক কামত কৃতকাৰ্য হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্য সকলৰ লগত সময় কটাৱক ৷

মকৰ ৰাশি : আজি আপুনি দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰণাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব পাৰে৷ শান্ত থাকক ৷

কুম্ভ ৰাশি : আপুনি কৰা কামৰ বাবে উপহাৰ আশা কৰিব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷

মীন ৰাশি : কাৰ্যক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ ইশ্বৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিব পাৰিব ৷ ব্যৱসায়ত উন্নতি হ’ব আৰু ধাৰে দিয়া টকা ঘুৰাই পাব ৷ শৰীৰৰ পৰা একো অসুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷