Local, Vocal, Global

Daily Horoscope for 23th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া। আজি আপুনি স্বাস্থ্যৰ যতন লওক ৷ কর্মত প্ৰভাৱ পৰিব ৷ খৰচ সুস্থিৰে কৰিব ৷

বৃষ ৰাশি : আজি আপুনি আপোনাৰ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰখাটো উচিত ৷ আজি নতুন পৰিকল্পনা নকৰিব ৷ খৰচ বৃদ্ধি পাব ।

মিথুন ৰাশি : আপুনি আজি যুক্তি আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাল লক্ষ্য সফল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

কৰ্কট ৰাশি : বন্ধুবৰ্গৰ লগত দিনটো ভালেৰে পাৰ হ’ব ৷ মানসিক চিন্তাই দেখা দিব পাৰে ৷ অশান্তিৰ কাৰণ দূৰ হʼব ৷

সিংহ ৰাশি : আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল আৰু সফলতাৰে ভৰা হʼব ৷ সক্ৰিয় অনুভৱ কৰিব ৷ আপোনাৰ পৰিশ্ৰমে আপোনাক লক্ষ্যত উপনীত কৰাব ৷

কন্যা ৰাশি : আজি আপোনাৰ ভয়, নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাৰে দিনটো পাৰ হʼব ৷ ভাল বন্ধু লাভ কৰিব পাৰে ৷ অৱশ্যে সতৰ্কতা অৱলম্বন কৰাটো উচিত ৷

তুলা ৰাশি : কন্যা শিশুৰ সফলতাৰ বাবে আজি এটা আনন্দময় দিন হʼব ৷ কৰ্মজীৱনত পদোন্নতি হʼব পাৰে ৷ টকা-পইচাৰ চিন্তা আঁতৰিব ৷ সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷

বৃশ্চিক ৰাশি : আজি আপোনাৰ নতুন অধ্যয়নৰ প্ৰতি আগ্ৰহ আহিব ৷ সক্ৰিয় অনুভৱ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ সফলতাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷

ধনু ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই । বন্ধু আৰু প্ৰেমাস্পদৰ লগত পার্টী হʼব পাৰে ৷ দিনটো প্ৰায় ভালেই হʼব ৷

মকৰ ৰাশি : দৃঢ় মনোবল আৰু নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰখা উচিত । আপোনাৰ ভাল গুণৰ বাবে কঠিন পৰিস্থিতিতো সঠিক ফল লাভ কৰিব ৷ কর্ম সমৰ্পণ কৰা প্ৰতিজ্ঞা লোৱা উচিত ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ নিজৰ ব্যৱসায়-কর্মত মনোযোগ দিয়ক ৷ সফল হʼব ৷

কুম্ভ ৰাশি : পার্টী হʼব পাৰে বন্ধু আৰু প্ৰেমাস্পদৰ লগত ৷ আপুনি আজি দিনটো উদযাপন কৰিব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ লক্ষ্যত সফলতা লাভ কৰিব ৷

মীন ৰাশি : খৰচ বৃদ্ধি হʼব পাৰে ৷ সেয়ে খৰচ সুস্থিৰে কৰিব ৷ সতৰ্ক হোৱা উচিত ৷