Daily Horoscope for 23th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : ব্যক্তিগত বা ব্যৱসায়িক ক্ষেত্ৰত সফলতা দেখা যাব ৷ আপোনাৰ ব্যৱসায়ত প্ৰচুৰ লাভ হ’ব ৷ আপুনি সুন্দৰভাৱে ধনৰ সকলো দিশ চম্ভালি ল’ব পাৰিব ৷ ধৰ্মীয় কামত কিছু সময় কটাওক ৷ দিনটো সুন্দৰভাৱে পাৰ হ’ব ৷
বৃষ ৰাশি : আপুনি মানুহৰ সহায়ক হ’ব ৷ আজি দিনটো তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাত বহাৰ উত্তম সময় ৷ যদিও আপুনি বিচৰা ধৰণৰ ফল লাভত ব্যৰ্থ হয় তেতিয়াও চিন্তাৰ কোনো কাৰণ নাই, ধৈৰ্য নেহেৰুৱাব ৷ সকলো বিষয় লাহে লাহে উন্নত হ’ব ৷
মিথুন ৰাশি : আপুনি আজি সকলো ক্ষেত্ৰতে খোকোজাৰে পাৰ হ’ব লাগিব, দুটাৰ মাজত এটা বিচাৰ কৰাটো কঠিন হৈ পৰিব ৷ এই বিচাৰত বেছি সোমাই নপৰাটোৱেই উত্তম ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ আপুনি মানসিকভাৱে আঘাত পাব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে ৷
কৰ্কট ৰাশি : আপোনাৰ ভাতৃসুলভ মৰম দেখুওৱাৰ সময় ৷ আপোনাৰ ভাতৃয়ে অকলশৰীয়া অনুভৱ কৰিছে আৰু আপোনাৰ সংগই তেওঁক আনন্দিত কৰি তুলিব ৷ ব্যৱসায় বঢ়োৱাৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব ৷ সুন্দৰ ঠাইলৈ ভ্ৰমণত যাব পাৰে ৷ আজি আপুনি কৰা সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব৷
সিংহ ৰাশি : আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ফল লাভত পলম হ’ব পাৰে বা কম হ’ব পাৰে ৷ দুখ নকৰিব ৷ আপোনাৰ দ্বাৰা বিচাৰ কৰোতেও ভুল হ’ব পাৰে ৷ দূৰ সম্পৰ্কীয় লোক আপোনাৰ বাবে সাহস হ’ব পাৰে ৷
কন্যা ৰাশি : এটা শান্তিৰ দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত মনৰ কথা পাতিব পাৰিব আৰু লোভনীয় খাদ্য আৰু আনন্দই আপোনালৈ বাট চাই আছে ৷ধনৰ আগমন ঘটিব ৷ আজিৰ ভ্ৰমণ সুন্দৰ হ’ব ৷ সুন্দৰ সময় উপভোগ কৰক আৰু আনকো আনন্দ লাভত সহায় কৰক ৷
তুলা ৰাশি : আপোনাৰ খঙক দমন কৰক ৷ আজি কিছুমান আইনী কামৰ বাবে আপুনি আদালতলৈ যাব লগা হ’ব পাৰে ৷ সাৱধানে থাকক, আপোনাক লৈ কোনোবাই বেয়া মন্তব্য দিব পাৰে তাৰ প্ৰত্যুত্তৰ লগে লগে দিয়ক ৷ আপোনাৰ কিছুমান কামৰ বাবে আপুনি অনুশোচনাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক আৰু চিন্তাৰ বাবে শৰীৰ বেয়া হ’ব পাৰে ৷ গতিকে অহেতুক খৰচৰ বাবে সাজু থাকক ৷ চকুৰ চিকিৎসকৰ ওচৰলৈ যাব লগা হ’ব ৷ ধৰ্মীয় কামকাজ বা প্ৰাৰ্থনাই মনক স্থিৰ কৰি তুলিব ৷
বৃশ্চিক ৰাশি : শুভ ভাগ্য, বাস্তৱিক আৰাম আৰু আনন্দই আপোনাৰ বাবে বাট চাই আছে ৷ আজি আপুনি বহুতো শিহৰণকাৰী ঘটনাৰ সন্মুখীন হ’ব ৷ ভাল সময় উপভোগ কৰক৷ বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সপোনৰ সংগীৰ লগত মিলন হ’ব ৷ ব্যৱসায় আৰু চাকৰি কৰা সকলৰ ভাল সময় ৷
ধনু ৰাশি : আজি নিজকে আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ দিন ভালে যাব ৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে আৰু মালিকৰ পৰা ভাল ব্যৱহাৰ লাভ কৰিব ৷ ব্যৱসায় সংক্ৰান্তীয় আলোচনা সফল হ’ব আৰু আপুনি আৰম্ভ কৰিবলৈ বিচৰা ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ আপুনি আনৰ বাবে বহুত উপকাৰী হৈ পৰিব ৷
মকৰ ৰাশি : কষ্ট কৰাসকলৰ বাবে সুন্দৰ দিন ৷ এই সময় সকলো জ্ঞানী লোকৰ বাবে সফল সময় ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ’ব ৷ লেখক আৰু কলাৰ লগত জড়িতসকল সফল হ’ব ৷ আপুনি কলাৰ বিষয়ত কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাৰ্বজনীন বা সামাজিক কাম কৰা সকলে ভাল ফল নাপায় ৷ অলপ শান্ত থাকক ৷ মানসিক অৱস্থা বেয়াৰ ফালে যাব পাৰে ৷
কুম্ভ ৰাশি : আজি আপুনি মানসিকভাৱে ভাগি পৰাৰ সম্ভাৱনা আছে ! শান্ত হওঁক ! সকলো সমস্যাৰে সমাধান আছে ৷ নহ’লে আপোনাৰ খং, উদ্বিগ্নতা আৰু বিপৰীতমুখী চিন্তাধাৰাই আপোনাক আৰু অশান্তি দিব ৷ শেষত আপুনি কিছুমান নকৰিবলগীয়া কাম কৰিব পাৰে ৷ গতিকে প্ৰতিবাদী বিচাৰধাৰাত গুৰুত্ব দিয়ক আৰু বেয়া বিচাৰধাৰাক আঁতৰাই পেলাওঁক ৷
মীন ৰাশি : আপোনাৰ সপোনবোৰ সফল হোৱাৰ দিশত ৷ সেয়েহে আপুনি যদিহে কবি, সাহিত্যিক, চিত্ৰশিল্পী তেন্তে নিজৰ নিজৰ যুঁজত নামি পৰক ৷ ভাল কামৰ ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময়, বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷