Daily Horoscope for 22th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : ধ্যান আৰু আত্ম-চিন্তন লাভদায়ক সিদ্ধ হ’ব। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব।আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব।
বৃষ ৰাশি : শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা-দেউতাক মনোকষ্ট দিব পাৰে, যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক।
মিথুন ৰাশি : আপুনি অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেওনাৰ পৰা বাহিৰ কৰিব বিচাৰে। ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্ত পইচাৰ মোহত নিজৰ মানুহ বোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। আজি প্ৰত্যেক জন ব্যক্তি আপোনাৰ লগত বন্ধুত্ত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্চ পূৰণ কৰাত সফল হব আৰু সুখী অনুভৱ কৰিব। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব।
কৰ্কট ৰাশি : কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব।যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।
সিংহ ৰাশি : আজিৰ দিনটো কৰা দান-পূণ্যৰ কাম আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্য সকল সৰু এটা কথা লৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হব পাৰে। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে ।
কন্যা ৰাশি : শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী । অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। পৰিয়ালৰ সদস্য আপোনাক সকলো কথাতে সমৰ্থন কৰিব। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। আপুনি কিবা এটা ডাঙৰ পৰিযোজনাৰ লগত জড়িত থাকিব ,যাৰ বাবে আপুনি সকলোৰে প্ৰশংসা লাভ কৰিব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব।
তুলা ৰাশি : আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হব পাৰে ,যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হব পাৰে। প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে।
বৃশ্চিক ৰাশি : আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। প্ৰেমীক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেত আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়।
ধনু ৰাশি : আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেন দেনৰ বাবে বহুত ভাল দিন। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোতে বিফল হব।জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।
মকৰ ৰাশি : বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব।
কুম্ভ ৰাশি : আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। আজি আপুনি ভাল ভাৱে পইচা আয় কৰিব-কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। ব্যক্তিগত বিষয় সমূহ সমাধান কৰিবলৈ আপুনি অলপ উদাৰ হোৱা উচিত ,কিন্তু নিজৰ জিভাক অলপ নিয়ন্ত্ৰণ কৰক যাতে আপোনাৰ কথাৰ বাবে কোনো মানুহে দুখ নাপায় বিশেষকৈ জনে আপোনাক বহুত ভাল পায় আৰু আপোনাক বহুত স্নেহ কৰে।
মীন ৰাশি : স্বাস্থ্য ভালে থাকিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। পাৰিবাৰিক সদস্যৰ সহায় আপোনাৰ প্ৰয়োজনৰ ধ্যান ৰাখিব। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। কাম- কাজৰ দিশত আপুনি সকলোৰে মৰম আৰু সহযোগ পাব পাৰে।