Local, Vocal, Global

Daily Horoscope for 21th september : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়। সন্ধিয়া সময়খিনি ভালকৈ কটাওক তাৰ বাবে আপুনি গোটেই দিন মন লগাই কাম কৰাটো জৰুৰী(Daily Horoscope)।

বৃষ ৰাশি : আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিহে বিচাৰিব। আপুনি নিজৰ শক্তি সম্পূৰ্ণ ৰূপে অনুভৱ কৰিব পাৰে ,এই শক্তিৰ প্ৰয়োগ কামত কৰক। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে জীৱন সংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে।

মিথুন ৰাশি : জটিল পৰিস্থিতিৰ সন্মুখীন হব লগা হব পাৰে , সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব । এই অসফলতা সমূহক সফলতাৰ আধাৰ বনাওক । জটিল সময়ত আত্মীয় কামত আহিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে।

কৰ্কট ৰাশি : ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। আপুনি আজি ধন সঞ্চয়ত অসফল হব পাৰে অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। নিজৰ সন্তানক আজি সময়ৰ সদব্যৱহাৰ কৰিবলৈ উপদেশ দিব।

সিংহ ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব , এই কথাটো ভাল দৰে জানি লওক নহলে আহিব লগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আজি আপুনি গোটেই দিন ৰোমাঞ্চিত হৈ থাকিব ,কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত সাক্ষাৎকাৰ প্ৰাপ্ত হ’ব। কাৰ্য ক্ষেত্ৰত আপোনাৰ কামৰ বহুত প্ৰশংসা হব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব।

কন্যা ৰাশি : আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা ,নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেক মেইল কৰাৰ পৰা বিৰত থাকক। আজিৰ দিনাখন আপোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শ ভাৱে প্ৰকাশ পাব। আপোনাৰ জীৱন সংগী আজি ওচৰ-চুবুৰীয়াৰ ৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে।

তুলা ৰাশি : আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ-পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। কোনোবা ঘনিষ্ঠ আত্মীয় আৰু বন্ধুৰ তৰফৰ পৰা পোৱা ভাল খবৰৰ লগত দিনৰ আৰম্ভণি ভাল ভাৱে হব। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক ,নহ’লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। নিজৰ বৌদ্ধিক ক্ষমতাৰ ব্যৱহাৰ নিজৰ হিত তথা ভালৰ বাবে কৰক। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰয়োজনীয়তা সমূহ অৱহেলা কৰিব পাৰে , যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে।

বৃশ্চিক ৰাশি : আপোনাৰ জীৱনক চিৰস্থায়ী বুলি নাভাবিব আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰক। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। যাক আপুনি ভাল পায় ,সিঁহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন ।কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হব পাৰে।

ধনু ৰাশি : মনত ৰাখিব যে অধিক সম্পত্তি মনক দুৰ্বল কৰি তুলিব পাৰে আৰু অভাৱে তাক শক্তিশালী কৰি তুলিব পাৰে। আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচাৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে।

মকৰ ৰাশি : আজি আপুনি সাধাৰণতে হোৱাতকৈ অলপ কম উৰ্জা অনুভৱ কৰিব , নিজক প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব ,অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য এদিন লৈ কৰক। পুৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। হঠাৎ অহা দায়িত্ব আপোনাৰ আজিৰ দিনৰ যোজনাত বাধা দিব পাৰে , আপুনি অনুভৱ কৰিব যে আপুনি নিজতকৈ অধিক আনৰ কাম হে বেছিকৈ কৰিছে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব।

কুম্ভ ৰাশি : আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। সংযম আৰু সাহসৰ হাত ধৰি থাকক ,বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে ,যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপুনি এইটো কামত অসক্ষম হব।

মীন ৰাশি : নিজৰ হতাশা দূৰ কৰিবৰ বাবে পৰিয়ালৰ সদস্যৰ সহায় লওক। নিজৰ সমস্যা সমূহ অন্যৰ লগত ভাগ-বটৰা কৰিলে আপোনাৰ লাভান্বিত হব। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবেও অটুট থাকিব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক ,নহ’লে বিপদত পৰিব পাৰে। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। আজি আপুনি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব।