Daily Horoscope for 21th December : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । দিনটো শান্তিৰে উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাক সুখী কৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব(Daily Horoscope)।
বৃষ ৰাশি : ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আজি । বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হব পাৰে। আত্মীয়ৰ লগত কটোৱা সময় আপোনাৰ কাৰণে লাভদায়ক বুলি পৰিগণিত হব। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। অফিচত কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
মিথুন ৰাশি : আপোনাৰ বেলেগক সমালোচনা কৰাৰ স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বহুৱাত সমস্যাৰ সন্মুখীন হব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিচত বৰবাদ কৰিব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।
কৰ্কট ৰাশি : পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল’ব। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ’লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব।
সিংহ ৰাশি : কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হব পাৰে। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো।
কন্যা ৰাশি : আপোনাৰ সহজ ভাৱে লব পৰা যিকোনো সমাধান সমূহে আপোনাৰ সমস্যাসমূহ সমাধান কৰিব। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক । যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে ,সিহতে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে ,পৰীক্ষাৰ ভয় আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব ,আপোনাৰ চেষ্টা ধনাত্মক পৰিণাম নিশ্চয় দিব।
তুলা ৰাশি : বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব।
বৃশ্চিক ৰাশি : শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক ,য’ত শাৰীৰিক ভাৱে বহুত কষ্ট হব পাৰে । পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। কোনোবা নিকতৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশাংকা আছে যাৰ ফলত আপোনাৰ ধন লাভ হব। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকৰ সেৱা কৰিম বুলি ভাৱি আছিল কিন্তু সেই সময়তে কামৰ বাবে আপুনি ভৱামতে কাম নহব ।এই ক্থাটোয়ে আপোনাক চিন্তিত কৰি তুলিব। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।
ধনু ৰাশি : আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ণ কৰিব পাৰিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিঁহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সঁচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। জটিল বিষয় সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত । এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে।
মকৰ ৰাশি : নিজকে পৰিস্কৰ-পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব- আপুনি নিজকে ভাল আৰু আত্ম-বিশ্ৱাসী কৰি গঢ়ি তুলিব পাৰিব। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে ,সেয়ে লেন-দেনৰ লগত জড়িত কাম বোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। আপুনি সফলতা নিশ্চয় লাভ কৰিব। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।
কুম্ভ ৰাশি : খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। আপুনি এনেকুৱা গতিবিধিৰ লগত সংলগ্ন হোৱাৰ দৰকাৰ য’ত আপুনি নিজৰ দৰে ৰুচি থকা মানুহক লগ কৰাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে।
মীন ৰাশি : আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। আজি প্ৰত্যেক জন ব্যক্তি আপোনাৰ লগত বন্ধুত্ত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্ছা পূৰণ কৰাত সফল হব আৰু সুখী অনুভৱ কৰিব। ৰোমান্টিক সাক্ষাতকাৰ বহুত ৰোমাঞ্চকৰ হব কিন্তু অলপ সময়ৰ বাবেহে এই দেখা কৰা সম্ভৱ হব। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হব। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে ,যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে।