Local, Vocal, Global

Daily Horoscope for 21th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাৰ উৰ্জাৰ স্তৰ আজি উচ্চ থাকিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে, মৰমৰ অস্ত্ৰ পাট ব্যৱহাৰ কৰি সিহতঁক বুজাওক আৰু এই সমস্যাৰ সমিধান পাওক লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হ’ব পাৰে।

বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব,কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনা সমূহত বাধা আহি পাব পাৰে। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব ,যি আপোনাক অশান্তি দিব পাৰে। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হব।। কামৰ মাজত মানুহৰ লগত মিলা-প্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধান হোৱা উচিত।

মিথুন ৰাশি : কোনোবা বন্ধুৰ পৰা পোৱা জ্যোতিষী উপদেশ আপোনাক শাৰীৰিক ফালৰ পৰা বহুত উপকৃত কৰিব। আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হব।

কৰ্কট ৰাশি : মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোয়ে ভাল দিন ।আপুনি বুজিব লাগে যে মাদক দ্ৰৱ্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। যদি আপুনি অফিচত অধিক সময় দিয়ে তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋনাত্মক প্ৰভাৱ পৰিব পাৰে। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক।

সিংহ ৰাশি : স্বাস্থ্য ভালে থাকিব। আজি কাৰ্য্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। অনাকাংক্ষিত ভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। অফিচত বুজি-মেলি লোৱা পদক্ষেপ আপোনাৰ বাবে ফলদায়ক হব ,ইয়াৰ বাবে আপুনি সময় থাকোতে যোজনা সমূহ সম্পূৰ্ণ কৰাত সফল হব লগতে নতুন পৰিযোজনা সমূহ আৰম্ভ কৰিবৰ বাবে এয়াই সঠিক সময়।

কন্যা ৰাশি : আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ স্বাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোতে বিফল হব। অংশীদাৰৰ ব্যৱসায়ৰ বাবে ভাল সুযোগ আহিব ,কিন্তু ভাল ভাৱে চিন্তা কৰি পদক্ষেপ লওক।

তুলা ৰাশি : উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব।

বৃশ্চিক ৰাশি : ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰিব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। এনেকুৱা কামত সহযোগ কৰাৰ এইটোয়ে ভাল সময় য ‘ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। যোগ্য কৰ্মীৰ পদোন্নতি আৰু আৰ্থিক লাভ হব পাৰে।

ধনু ৰাশি : গাড়ী চলোৱা সময়ত সাৱধান থাকক। আপোনাৰ বহুত উৎসৰ পৰা লাভ হব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আজি গছ ৰোপন কৰক। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হব পাৰে।

মকৰ ৰাশি : নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হব, অলপ দখল দিলে একো নাই ,ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্য সমূহ পূৰণ কৰাত সহজ হ’ব। আজি কাৰোবাৰ লগত আপোনাৰ চাৰি চকুৰ মিলন হব পাৰে। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হব ,কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক নহ’লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে।

কুম্ভ ৰাশি : নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ’ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। সন্তানৰ স্কুলৰ ঘৰৰ কাম তথা এচাইণ্ট মেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে।

মীন ৰাশি : আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হব পাৰে। জীৱন সংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিক ভাৱে অশান্ত হৈ যাব । অপ্ৰয়োজনীয় অশান্তি লোৱাৰ কোনো প্ৰয়োজন নাই , জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱে যে জীৱনত সকলো বস্তু পচন্দ মতে পৰিৱৰ্তন কৰিব পাৰে। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হব।