Daily Horoscope for 20th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি: আজি আপুনি দুঃচিন্তাত ভুগিব পাৰে ।ভ্ৰমণৰ সম্ভাৱনা আছে ।আজি আপুনি আৱেগিক হৈ থাকিব ।
বৃষ ৰাশি: আজি আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে । বাহিৰৰ খাদ্য খোৱা বৰ্জন কৰক । কৰ্মত মনোনিবেশ কৰিব পাৰিব ৷
মিথুন ৰাশি: আজি আপুনি মাতৃক লৈ আৱেগিক হৈ থাকিব । তৰ্ক বিবাদ এৰাই চলক । প্ৰিয়জনৰ সৈতে সামান্য বিবাদ হ’ব পাৰে । ভ্ৰমণৰ বাবে দিনটো শুভ ।
কৰ্কট ৰাশি: আজি আপুনি বন্ধুৰ সৈতে সময় কটাব পাৰে ।আজি আপুনি সকলো কামত সফল হ’ব । সৌভাগ্যবৃদ্ধি হ’ব পাৰে।
সিংহ ৰাশি: আজিৰ দিনটো আপুনি সাৱধানে চলিব ।অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো প্ৰত্যাশিত ফল নাপাব পাৰে ।
কন্যা ৰাশি: আজিৰ আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব ।আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে আনন্দৰ দিন । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ আজি বহুত ভাল সময় যাব । যি কোনো ধৰণৰ ভ্ৰমণ আজি আপোনাৰ কাৰণে ভাল ।
তুলা ৰাশি: নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । যি কোনো ধৰণৰ তৰ্ক-বিতৰ্ক আৰু অনাৱশ্যক আলোচনাৰপৰা দূৰত থাকক ।শান্ত থাকক
বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক । আপুনি বিচৰা সকলো ধৰণৰ জাগতিক সুখ আজি ভোগ কৰিব পাৰিব । বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ । ভ্ৰমণৰ যোগ ৷
ধনু ৰাশি: আজিৰ দিনটো ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে বৰ ভাগ্যশালী । ব্যৱসায়ৰ বাবে ভ্ৰমণৰ যোগ । পদোন্নতিৰ যোগ ।
মকৰ ৰাশি: সাহিত্যৰ সৈতে জড়িত লোকৰ বাবে আজিৰ দিনটো শুভ । চৰকাৰী কাম-কাজত অসুবিধাৰ সৃষ্টি হ’ব পাৰে । দিনৰ শেষত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ।
কুম্ভ ৰাশি: আজি কোনো অবৈধ ক্ৰিয়াকলাপত যুক্ত নহ’ব । মানসিকভাৱে ভাগি পৰিব পাৰে । ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ধ্যান কৰক ৷
মীন ৰাশি: আজি আপুনি নিজৰ জীৱনটোক উপভোগ কৰাৰ নামত ব্যস্ত, অতি ব্যস্ত হৈ থাকিব । শিল্পী আৰু লেখকসকলে আজি নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ পাব । আজি আপুনি প্ৰিয়জনৰ সৈতে সময় কটাব । আপোনাৰ সামাজিক জীৱনৰ উন্নতি লাভ কৰিব ।
লগতে পঢ়ক :Chhattisgarh bus Accident : ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ২৬ গৰাকীকৈ লোক