Daily Horoscope for 20th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপুনি মানসিক চিন্তা হ’ব পাৰে ৷ কষ্টৰ ফল পাব ৷ সন্তানৰ বাবে চিন্তা হ’ব ৷ কামৰ হেঁচাত আপুনি পৰিয়ালক সময় দিব নোৱাৰিব ৷
বৃষ ৰাশি : পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে কষ্ট কৰক ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷
মিথুন ৰাশি : চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ ব্যয়ৰ ক্ষেত্ৰত সাৱধান হওক ৷
কৰ্কট ৰাশি : নেতিবাচক চিন্তা নকৰিব, নতুন চিন্তাৰে দিনটো আৰম্ভ কৰক ৷ মানসিক আৰু শাৰিৰীকভাৱে দুৰ্বল অনুভৱ কৰিব ৷
সিংহ ৰাশি: আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহজ হ’ব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব ৷ সাহসেৰে নিজৰ কথা ব্যক্ত কৰক ৷
কন্যা ৰাশি : অযথা কথাত কাজিয়াৰ সূত্ৰপাত নকৰিব ৷ মানসিক অশান্তিয়ে শাৰিৰিক অসুষ্ঠতা বাঢ়িব পাৰে ৷
তুলা ৰাশি : দিনটো শুভ । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা লাভ কৰিব আৰু লাভবান হ’ব ।আপুনি যদি অবিবাহিত তেনেহ’লে বিবাহৰ যোগ আছে ।
বৃশ্চিক ৰাশি : কৰ্মক্ষেত্ৰত শুভ ৷ আপুনি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হব ৷ আমদানি বৃদ্ধি হ’ব ৷ পদোন্নতি হ’ব পাৰে ৷
ধনু ৰাশি : শৰীৰ বৰ ভালে নাযাব ৷ মানসিক উদ্বিগ্নতা শাৰীৰিক অসুষ্ঠতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত অশুভ ৷
মকৰ ৰাশি : অযথা চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বেয়া হ’ব পাৰে ৷ খোৱা-বোৱা প্ৰতি চকু ৰাখক ৷ খং আৰু বেয়া চিন্তাৰ পৰা আঁতৰি থাকক ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকূল নহ’ব ৷
কুম্ভ ৰাশি : আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম কৰিব ৷ ভ্ৰমনৰ যোগ আছে ৷ উপহাৰ আদান-প্ৰদান কৰক ৷ পাৰিবাৰিক জীৱন সুখকৰ ৷ নতুন বাহন ক্ৰয় কৰাৰ যোগ আছে ৷
মীন ৰাশি : শুভ দিন ৷ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ হ’ব ৷ আপোনাৰ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷