Local, Vocal, Global

Daily Horoscope for 1st October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত হ’ব(Daily Horoscope) ৷

বৃষ ৰাশি: আজিৰ দিনটো অত্যন্ত শুভ ৷ আজি আপুনি নতুন কাম হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক হব ৷ আজি আপুনি প্ৰশংসা লাভ কৰিব ৷ দৰমহা বৃদ্ধি হ’ব পাৰে । মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: আজিৰ দিনটোত আপোনাৰ মনটো অস্থিৰ হৈ থাকিব ৷ দুৰ্বল অনুভৱ কৰিব ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷

কৰ্কট ৰাশি: আজিৰ দিনটোত আপোনাৰ বাবে দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা দূৰত ৰাখক ৷

সিংহ ৰাশি: দিনটো আশানুৰূপ নহ’ব ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰ পৰা দূৰত থাকিব ৷ স্বাস্থ্যৰ যত্ন লওক ৷

কন্যা ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷

তুলা ৰাশি:আজিৰ দিনটো আপোনাৰ আনন্দৰে পাৰ হ’ব ৷ সুখ-সমৃদ্ধি বৃদ্ধি হ’ব ৷ চিন্তা নকৰিব ৷ অধিক চিন্তা কৰিলে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে । নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

ধনু ৰাশি: আজি আনন্দৰে দিনটো পাৰ হ’ব ৷ ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে দিনটো ভাল ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে ৷

মকৰ ৰাশি: ঘৰুৱা পৰিৱেশ বৰ ভালে নাথাকিব ৷ অসন্তোষ আৰু অস্থিৰতা বিৰাজ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সুস্থ মনোভাৱৰ ফলত নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব

কুম্ভ ৰাশি: আজিৰ দিনটো প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব ৷ গ্ৰহৰ অৱস্থান ভালে থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক ৷

মীন ৰাশি: স্বাস্থ্য আৰু ভাগ্যৰ দিশত আজিৰ দিনটো মধ্যমীয়া । আপোনাৰ শৰীৰ-মন আজি উত্তম অৱস্থাত নাথাকিব । নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক ।