Daily Horoscope for 1st June : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাৰ বাবে দিনটো অনুকুল ৷ আজি আপুনি এটা সুস্থ শৰীৰ আৰু সুখী মনৰে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ মাতৃৰ পৰা লাভান্বিত হ’ব ৷ বন্ধু-বান্ধৱী আৰু আপোনজনক লগ পোৱাৰ বাবে ঘৰত সুখৰ পৰিৱেশে বিৰাজ কৰিব ৷ প্ৰেমৰ সম্পৰ্ক আৰু অধিক গভীৰ হ’ব ৷
বৃষ ৰাশি: আজি আপোনাৰ আয় আৰু ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ত নতুনকৈ লাভজনক যোগাযোগৰ সৃষ্টি হ’ব ৷ আজি মহিলা গোটৰ পৰা লাভৱান হ’ব ৷ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতা অনুভৱ কৰিব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ৷ সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰিব ৷
মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ ৷ অবিবাহিত লোকে উপযুক্ত জীৱনসংগী পোৱাৰ সম্ভাৱনা আছে ৷ ধন উপাৰ্জনৰ বাবে শুভ দিন ৷ বন্ধু-বান্ধৱীক লগ পোৱাটো আনন্দদায়ক হ’ব আৰু ইয়াৰ উপকাৰো হ’ব পাৰে ৷ পত্নী আৰু পুত্ৰও লাভৱান হ’ব ৷ ভাল খাদ্যৰ সোৱাদ ল’ব পাৰে ৷ সন্তানৰ পৰা ভাল খবৰ পাব পাৰে ৷ চাকৰি আৰু ব্যৱসায়ত লাভৰ সম্ভাৱনা ৷
কৰ্কট ৰাশি: আজি আপোনাৰ বাবে ভাগ্যশালী দিন ৷ বহিঃৰাজ্যৰ পৰা বা কোনোবা দূৰৈৰ ঠাইৰ পৰা ভাল খবৰ পোৱা যাব পাৰে ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব ৷ সুখী অনুভৱ কৰিব ৷ বিদেশলৈ যোৱাৰ প্ৰচেষ্টাত আৰু ধৰ্মীয় কাম-কাজত আপুনি সফলতা লাভ কৰিব ৷
সিংহ ৰাশি: স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত ৷ নেতিবাচক চিন্তাই আপোনাক যথেষ্ট আমনি কৰিব ৷ আনৰ অন্যায় হোৱা কামত যাতে লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ৷ ধৰ্মীয় বিষয়ত আগ্ৰহ প্ৰকাশ কৰিলে মানসিক শান্তি লাভ কৰিব ৷
কন্যা ৰাশি: সামাজিক আৰু অন্যান্য ক্ষেত্ৰত আপুনি খ্যাতি বা সন্মান লাভ কৰিব ৷ নতুন বাহনৰ ক্ৰয় কৰিব পাৰে ৷ অংশীদাৰৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ব্যৱসায়ীসকলে আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷
তুলা ৰাশি: আজি ঘৰত সুখ আৰু শান্তিৰ পৰিবেশে বিৰাজ কৰিব, ইয়াৰ দ্বাৰা আপোনাৰ সুখ বৃদ্ধি পাব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব ৷ আপুনি হয়তো আপোনাৰ পিতৃ-মাতৃৰ পৰা কিছু ভাল খবৰ পাব ৷ বিপক্ষৰ ওপৰত জয় হ’ব ৷ প্ৰেমৰ সম্পৰ্কত আপুনি সফলতা লাভ কৰিব ৷ বিনিয়োগত সফলতা লাভ কৰিব ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো শুভ ৷
বৃশ্চিক ৰাশি: আপোনাৰ দিনটো মধ্যমীয়া ফলপ্ৰসূ ৷ কঠোৰ পৰিশ্ৰম কৰি সঠিক ফল লাভ কৰিব ৷ শ্বেয়াৰ মাৰ্কেট বিনিয়োগৰ পৰা আঁতৰি থাকক ৷ আজি সৰু সৰু কথাত পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷
ধনু ৰাশি: আজি আপুনি ভ্ৰমণৰ পৰা বিৰত থাকক কাৰণ পেটৰ লগত জড়িত ৰোগ আৰু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ শিশুৰ স্বাস্থ্য আৰু শিক্ষাক লৈ চিন্তাৰ সৃষ্টি হ’ব ৷ কোনো কামতে সফলতা নোপোৱাৰ বাবে মন বিচলিত হৈ থাকিব ৷ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক ৷
মকৰ ৰাশি: আজি আপোনাৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব ৷ পৰিয়ালত কাজিয়াৰ পৰিবেশৰ বাবে দুখৰ সৃষ্টি হ’ব ৷ শৰীৰত সতেজতা আৰু শক্তিৰ অভাৱ হ’ব ৷ টোপনি নোহোৱাৰ সমস্যা হ’ব ৷ মানহানিৰ সম্ভাৱনা থাকিব ৷ নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷
কুম্ভ ৰাশি: আজি আপুনি মানসিকভাৱে বহুত দুৰ্বল অনুভৱ কৰিব ৷ মনৰ চিন্তাৰ ডাৱৰবোৰ আঁতৰি যোৱাৰ লগে লগে উৎসাহ বাঢ়িব ৷ ভাই-ভনীৰ লগত ঘৰতে কিছু নতুন কাম কৰিব ৷ সিহঁতৰ লগত দিনটো আনন্দেৰে পাৰ হৈ যাব ৷
মীন ৰাশি: আজি আপুনি শাৰীৰিক আৰু মানসিক সতেজতা আৰু শক্তি অনুভৱ কৰিব ৷ উৎসাহ বাঢ়িব ৷ নতুন কাম এটা আৰম্ভ কৰিলে তাত সফলতা লাভ কৰিব ৷ ধৰ্মীয় কামত প্ৰব্ৰজন হ’ব ৷