Local, Vocal, Global

Daily Horoscope for 1st January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: বিপদৰ আশংকা থকা কাম আপুনি আজি সহজে সম্পন্ন কৰিব পাৰিব । দৈনন্দিন কার্যক্ৰমণিকাত প্ৰভাৱ পৰিব পাৰে ।পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ।

বৃষ ৰাশি: আজি গ্ৰহসমূহ আপোনাৰ পক্ষত নাই । কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বা নিজকে কোনো কামত জড়িত কৰাৰ পূৰ্বে নিশ্চিত কৰক যে আপুনি কোনো অনৈতিক বা অবৈধ ক্ষেত্ৰত প্ৰবেশ কৰা নাই । পেচাদাৰী দিশত কিছুমান সমস্যাৰ সন্মুখীন হ’ব পাৰে যিয়ে আপোনাক মন্থৰ কৰিব পাৰে । কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে ।

মিথুন ৰাশি: দিনটোত মিশ্রিত ফলাফল লাভ কৰিব । হতাশা থাকিলেও সফল হʼব । আজি আপোনাৰ দিনটো হʼব আনন্দময় । পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব । প্ৰেমৰ সম্পর্ক ভাল হʼব । স্বাস্থ্য ভালে থাকিব ।

ককৰ্ট ৰাশি: আপোনাৰ আজিৰ দিনটো আনন্দময় হ’ব । কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিবেশে আপোনাৰ মন সলনি কৰিব পাৰে । মাতৃৰ ফালৰ পৰা ভাল খবৰে ঘৰৰ পৰিবেশ অধিক আনন্দময় কৰি তুলিব । আপোনাৰ মানসিক আৰু শাৰীৰিক স্থিতি আজি সৰ্বশ্ৰেষ্ঠ হৈ আছে । সমাজত খ্যাতি লাভ কৰিব পাৰে।

সিংহ ৰাশি: আপুনি আজি অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব । আপুনি আজি সফল হʼব । বিদেশী বন্ধুবৰ্গৰ লগত দিন ভালে যাব ।

কন্যা ৰাশি: আজি আপোনাৰ কামৰ প্ৰতি উৎসাহ কম হ’ব । তদুপৰি দুৰ্বল হৈ থাকিব । আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে ।ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক।

তুলা ৰাশি: আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব । পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলিলৈকে কৰ্মজীৱন ভাল আৰু বন্ধুত্বপূৰ্ণ হʼব ।

বৃশ্চিক ৰাশি: আপোনাৰ ব্যক্তিগত পৰামৰ্শ মানি চলাৰ আৰু নিজৰ প্ৰতিভা ব্যৱহাৰ কাৰৰ উচিত সময় । বজাৰৰ পৰা নতুন কাপোৰ কিনিবলৈ যোৱা হʼব পাৰে । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱিত হʼব । প্ৰেমৰ সম্পর্কত মনোযোগ দিব ।

ধনু ৰাশি: আৰ্থিক আৰু কৰ্মত সফলতা লাভ কৰিব । ই আপোনাক উত্‍সাহিত কৰিব আৰু আপুনি সকলো কামতে আগভাগ ল’ব তথা উত্‍সাহ প্ৰদৰ্শন কৰিব । ঘৰত তথা কৰ্মস্থলীত আপুনি চাপ অনুভৱ কৰিব । অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা বিৰত থাকক ।

মকৰ ৰাশি : পুৱাৰ কিছুমান সমস্যাৰ বাহিৰে চিন্তা কৰিবলগীয়া বিশেষ একো নাই । দিনটোৰ প্ৰথমভাগত আপুনি সতৰ্ক আৰু সাৱধান হৈ থকা উচিত, বিশেষকৈ যদি আপুনি কোনো আইনী বিবাদৰ সাক্ষী হয় ।পুৱাৰভাগত অৱনমিত হোৱা স্বাস্থ্য লাহে লাহে উন্নত হ’ব । ঘৰৰ পৰিবেশ অনুকূল আৰু বন্ধুত্বপূৰ্ণ হ’ব । দান বা সামাজিক কৰ্ম কৰিব পাৰে ।

কুম্ভ ৰাশি : আজি আপুনি সাফল্য় লাভ কৰিব । আপোনাৰ প্ৰায় ভাল হʼব । আপুনি কম সময়ত অধিক ধন উপাৰ্জন কৰিব । কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব আৰু লক্ষ্যত সফল হʼব । কৰ্ম উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ।

মীন ৰাশি : আমদানি-ৰপ্তানিত ভাল সফল হʼব । লক্ষ্যত সফল হʼব । প্রিয় দিন হʼব । আজি কৰ্মজীৱনত ভাল হʼব । আপোনাক নতুন কার্যৰ লক্ষ্য দিব পাৰে । পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব ।