Daily Horoscope for 19th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ : আজি দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আজি আপুনি মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত থাকিব ৷ ধ্যান আৰু যোগ কৰি মনক শান্ত কৰক ৷ অচিনাকি মহিলা আৰু পানীৰ পৰা আঁতৰত থাকক ৷
বৃষ : খং আৰু উদ্বেগে আপোনাক আগুৰি থাকিব ৷ চিন্তাৰ পৰা আঁতৰি থাকি স্ফূৰ্তিত থাকিবলৈ যত্ন কৰক ৷ গঠনমূলক কাম কৰি থাকক ৷ ধনাগমন আৰু আগতে হেৰুওৱা ধন গোটোৱাৰ সঠিক সময় ৷
মিথুন : বাহিৰলৈ যাওক আৰু বন্ধু আৰু পৰিয়ালৰ লোকক লগ কৰক ৷ আজি আপুনি আগতে থাকি যোৱা কিছুমান কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব ৷ আজি সহকৰ্মীয়ে আপোনাৰ দিন শুভ কৰি তুলিব ৷
কৰ্কট : আজি দিনটো আপোনাৰ শুভ ৷ সকলোৰে লগত বনভোজ খাবলৈ যাব পাৰে আৰু আপুনি ভাল পোৱা খাদ্যৰ জুতি ল’ব পাৰে ৷ বিবাহিতসকলৰ বাবে ভাল দিন।
সিংহ : শান্ত হৈ থাকক, কাৰণ দিনটো বহুত ঘটনাৰে ভৰা হ’ব ৷ কোনো সিদ্ধান্ত গ্ৰহণৰ আগতে দুবাৰ ভাবক ৷ আইনী কাম আজি পৰাপক্ষত নকৰাই মংগল ৷ সুন্দৰ কথা আৰু ভাল ব্যৱহাৰে আপোনাৰ কামত উন্নতি কৰিব ৷ বিদেশৰ পৰা অহা ভাল খবৰে সময় ভাললৈ আনিব ৷
কন্যা : আপোনাৰ অপেক্ষাৰ অন্ত পৰিল, ব্যক্তিগত আৰু কাৰ্যক্ষেত্ৰত লাভৰ দিন আহিছে ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব ৷ ভ্ৰমণৰ যোগ আছে, এই ভ্ৰমণে মনত আনন্দ দিয়াৰ উপৰিও প্ৰিয়জনৰ ওচৰ চাপি আহিব ৷
তুলা : আপোনাৰ ওপৰৱালাক আপোনাৰ কামেৰে প্ৰভাৱিত কৰিব পাৰিব ৷ পদোন্নতিৰ সময় আহিল ৷ যদি কোনো বিপদত পৰে তেন্তে আপোনাৰ মাতৃয়ে সেই বিপদৰ পৰা ৰক্ষা পৰাত আপোনাক সহায় কৰিব ৷ মাটি-সম্পত্তিৰ কামৰ বাবে উত্তম দিন ৷
বৃশ্চিক : আজি আপোনাৰ বাবে সুখ আৰু দুখৰ এটা মিশ্ৰিত দিন ৷ কামৰ ক্ষেত্ৰখন আপোনাৰ বাবে আজি অলপ প্ৰতিকূল ৷ শান্তভাৱে পৰিস্থিতিৰ সন্মুখীন হওক ৷ পত্নী বা সন্তানৰ লগত তৰ্ক নকৰিব যি আপোনাৰ মানসিক শান্তিত ব্যাঘাত কৰিব ৷ভ্ৰমণত বেছি খৰছৰ সন্মুখীন হ’ব৷ আপোনাৰ জমা টকাৰ ওপৰত চকু ৰাখক ৷
ধনু : আজি বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা আঁতৰি থাকক, নহ’লে বেমাৰত পৰিব ৷ আপোনাক দিয়া কম সময়ত শেষ নহ’ব বুলি আপুনি মানসিক চাপত থাকিব লগা হ’ব ৷ আপোনাৰ খৰচৰ পৰিমাণ এইকেইদিনত অসম্ভৱ ধৰণে বৃদ্ধি হ’ব ৷
মকৰ : আপোনাৰ ব্যবসায়ত প্ৰচুৰ উন্নতি হ’ব আৰু তাৰ লগে লগে আপোনাৰ ধনৰ ভঁৰাল বৃদ্ধি হ’ব ৷ প্ৰিয়জনক লগ কৰিব পাৰিব ৷ সাংস্কৃতিক অনুষ্ঠানত ভাগ ল’বলৈ পাই আপোনাৰ মুখত হাঁহি বিৰিঙিব ৷ বজাৰ আৰু প্ৰিয় খাদ্যইও আপোনাক আনন্দিত কৰিব ৷
কুম্ভ : আপুনি আজি সুখী ব্যক্তি ৷ আপোনাৰ চলি থকা কাম সময়ত শেষ হোৱাত আপোনাৰ পৰিচয় আৰু উৎসাহজনক হ’ব ৷ অৱশ্যে আপোনাৰ সহযোগিক তাৰবাবে ধন্যবাদ দিবলৈ নাপাহৰিব ৷ ঘৰত শান্তি বিৰাজ কৰিব ৷
মীন : ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযুক্ত দিন ৷ গ্ৰহৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত উজ্জ্বল হৈ পৰিছে আৰু তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা লোৱাৰ সময় হৈছে ৷ আজি যদি আপোনাক কোনো মহিলা বন্ধুৱে ফুৰিবলৈ যাবলৈ লগ লয়।