Daily Horoscope for 18th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আপোনাৰ স্থিতি সফল হʼব ৷ অৱশ্যে চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
বৃষ ৰাশি: নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ থাকি কর্ম কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ কৰ্মজীৱন ভাল হʼব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷
মিথুন ৰাশি: আজি আপুনি নতুন দায়িত্ব পাব পাৰে ৷ নতুন অধ্যয়নকর্মত ব্যস্ত হৈ পৰিব ৷ আপুনি নিৰুৎসাহিতও হৈ পৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
ককৰ্ট ৰাশি: আজি শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে ৷ মানসিকভাৱে অশান্তি পাব ৷ ভ্ৰমণৰ চিন্তা আজি মনৰ পৰা আতৰাই দিয়াই মংগল ৷
সিংহ ৰাশি: আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ কৰাৰ সম্ভাৱনা আছে ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ৷
কন্যা ৰাশি: নতুন ব্যৱসায় কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা উচিত ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আজি আপুনি এলেহুৱা অনুভৱ কৰিব পাৰে ৷
তুলা ৰাশি: আজিৰ দিনটোত আপোনাৰ ভাল বন্ধু লাভ হʼব ৷ বহুতো ব্যক্তিৰ লগত সংযোগ হʼব আপোনাৰ ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
বৃশ্চিক ৰাশি: আজি আপুনি যুক্তি আৰু নিজৰ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ পৰিয়ালৰ সেৱাত মন দিয়ক ৷ আবেলিৰ ভাগলৈ কৰ্মজীৱন ভাল আৰু বন্ধুত্বপূৰ্ণ হʼব ৷ খৰচ আজি বৃদ্ধি হʼব পাৰে ৷
ধনু ৰাশি: আজি এনেকুৱা কিছুমান অসুবিধা আহি পৰিব পাৰে যিবোৰ আপুনি শেষ কৰিবলৈ যত্ন কৰিব ৷ পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে, যিয়ে আপোনাৰ মন তিক্ত কৰি তুলিব ৷ যান-বাহন সাৱধানে চলাব ৷
মকৰ ৰাশি: দিনটো আপোনাৰ আজি প্ৰায় ভালেই হʼব ৷ আপোনাৰ কর্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ জ্যেষ্ঠজনৰ পৰা প্ৰশংসা লাভ কৰিব ৷ শিক্ষার্থীৰ বাবে দিনটো ভাল ৷ প্ৰেমৰ সম্পর্কও আজি ভাল হʼব ৷ বৈবাহিক জীৱন আনন্দৰ হʼব ৷
কুম্ভ ৰাশি: আজি আপোনাৰ খৰচ বৃদ্ধি হʼব পাৰে ৷ অনৰ্থক খৰচ হʼব পাৰে ৷ পৰিয়ালৰ লগত বা প্ৰেমাস্পদৰ লগত, বন্ধুবৰ্গৰ লগত দিনটো ভাল হʼব ৷
মীন ৰাশি: আপোনাৰ নিজৰ প্ৰতিভা ব্যৱহাৰ কৰাৰ বাবে আজিৰ দিনটো উচিত সময় ৷ নতুন কাপোৰ আদি বজাৰ কৰিবলৈ যোৱা হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷