Local, Vocal, Global

Daily Horoscope for 18th July : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাৰ মন বেয়া হোৱা বাবে নিজৰ পাৰিবাৰিক জীৱনত কন্দলৰ সৃষ্টি নকৰিব। ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক,নহলে পিছত পৰিতাপ কৰিব লগা হব পাৰে। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। আপুনি এনেকুৱা পৰিযোজনা আৰম্ভ কৰা উচিত যি আপোনাৰ গোটেই পৰিয়ালৰ বাবে সমৃদ্ধি লৈ আহে। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে।

বৃষ ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। ঘৰৰ মেৰামতিৰ কাম অথবা সামাজিক মিলা-প্ৰীতি আপোনাক বহুত ব্যস্ত ৰাখিব। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব কৰি বিচাৰে তেন্তে কোনো তৃতীয়ৰ প্ৰলোভনত ভোল গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নাভাবিব।

মিথুন ৰাশি : বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰষা কৰি আছে আৰু নিৰ্ণয় ল’ব বাবে স্পষ্ট চিন্তা ধাৰা আৱশ্যকীয়। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ’ব। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। আপোনাৰ প্ৰিয়জন আজি ৰোমাণ্টিক মুডত থাকিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব।

কৰ্কট ৰাশি : আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আপুনি আজি নিজৰ জীৱন সংগীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। আপোনাৰ জীৱনত এক সংগীত আৰম্ভ কৰক, সমৰ্পনৰ মূল্য বুজক আৰু হৃদয়ত প্ৰেম অথবা কৃতজ্ঞতাৰ ফুল ফুলিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন অধিক অৰ্থপূৰ্ণ হৈ উঠিব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব।

সিংহ ৰাশি : সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হব আৰু তাক প্ৰশংসা কৰিব। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব।

কন্যা ৰাশি : ওচৰ-পাজৰৰ লোক সমূহৰ সহযোগে আপোনাক সুখ অনুভূতি প্ৰদান কৰিব। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। যদি আপুনি অনুভৱী মানুহৰ উপদেশ মানি লয় আৰু আপোনাৰ কামত নতুন চিন্তাৰ প্ৰয়োগ কৰিব তেন্তে লাভ প্ৰাপ্ত হব।

তুলা ৰাশি : বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব।

বৃশ্চিক ৰাশি : সোনকালে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব ,কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে।

ধনু ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। যদি আপুনি জীৱন সংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে তেন্তে জীৱন সংগীৰ ফালৰ পৰা নঞাৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক।

মকৰ ৰাশি : আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। অনাকাংক্ষিত ভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হব আৰু দিনটো বহুত ভাল ভাৱে আপোনাৰ অতিবাহিত হব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি : নিজৰ ধৈৰ্য নেহেৰুৱাব ,বিশেষকৈ বেয়া পৰিস্থিতিত জটিল পৰিস্থিত। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে । আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহবও পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। কিছুমান ব্য্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব।

মীন ৰাশি : আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে।