Local, Vocal, Global

Daily Horoscope for 18th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাৰ খং-ৰাগৰ বাবে সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে ৷ বিপদৰ আশংকা নথকা নহয় ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷

বৃষ ৰাশি : নিজৰ ওপৰত বিশ্বাস-ভৰসা ৰাখক ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ ফলত সফল হ’ব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ কৰ্ম-ব্যৱসায়ত সফল হ’ব ৷

মিথুন ৰাশি : চিন্তা বাঢ়িব পাৰে ৷ কর্মত প্ৰভাৱ পৰিব ৷ হতাশ হ’ব পাৰে ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷

কৰ্কট ৰাশি : ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ হতাশ হৈ পৰিব পাৰে ।

সিংহ ৰাশি : উন্নত শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে দিনটো আপোনাৰ শুভ কৰিব ৷ ভাগ্য উদয়ৰ দিন, ভাতৃ-ভগ্নী আৰু প্ৰেয়সীৰ লগত সময় কটোৱাৰ উত্তম সময় ৷ ভালপোৱা ব্যক্তিৰ লগত ভ্ৰমণ শুভ হ’ব ৷ দিনটো কাম কৰি থাকিবলৈ শক্তি পাব ৷

কন্যা ৰাশি : দিনটো ভাল হ’ব ৷ স্বাস্থ্য ভাল, প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব ৷ আনন্দময় হ’ব ৷ পৰিয়ালৰ লগতো সম্পর্ক ভাল হ’ব ৷

তুলা ৰাশি : লেখকসকলৰ বাবে দিনটো ভাল ৷ লক্ষ্যত উপনীত হ’ব ৷ আনন্দময় দিন হ’ব ৷

বৃশ্চিক ৰাশি : খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ কিন্তু আপুনি মন কৰিব আপোনাৰ খৰচ ভাল কামৰ বাবে কৰা হৈছে ৷ আপোনাৰ শৰীৰে আপোনাৰ লগ নিদিব ৷ ফলত আপুনি সম্পূৰ্ণ আনন্দ উপভোগ কৰাত ব্যৰ্থ হ’ব ৷

ধনু ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব ৷ বিবাহিতসকলৰ বাবে আজিৰ দিনটো ভাল ৷

মকৰ ৰাশি : দিনটো কঠিন হ’ব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব । আবেলিলৈ সময় ভাল হ’ব ।

কুম্ভ ৰাশি : আপোনাৰ দিন প্ৰায় ভাল হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ হতাশা আহিব পাৰে ৷ ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷

মীন ৰাশি : অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আপুনি বিপদত পৰিব পাৰে । নিজৰ মুখ বন্ধ কৰি ৰাখিব আৰু খং নিয়ন্ত্ৰণত ৰাখক । স্বাস্থ্যক লৈ সাৱধান হোৱা উচিত ।