Local, Vocal, Global

Daily Horoscope for 15th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: ঘৰুৱা পৰিবেশত শান্তি আৰু আনন্দ বিৰাজ কৰিব ৷ আজি আপুনি আনন্দ অনুভৱ কৰিব ৷ বিদেশৰ লগত ব্যৱসায় কৰা সকলৰ বাবে লাভজনক সময়(Daily Horoscope) ৷

বৃষ ৰাশি: আজি সমগ্ৰ দিনটোৱেই আপোনাক আনন্দিত কৰি ৰাখিব ৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতাত আগতে ৰৈ যোৱা কামবোৰ সমাধা হ’ব যিবোৰ কামে আপোনাক অসুবিধাত পেলাইছিল ৷ স্বাস্থ্য ভালে থাকিব ৷

মিথুন ৰাশি: আজি আপোনাৰ খৰচ বৃদ্ধি পাব ৷ নতুন একো আৰম্ভ নকৰাটোৱেই মংগল ৷ আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক

কৰ্কট ৰাশি: আজি আপুনি শান্ত থাকক ৷ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বলতা অনুভৱ কৰিব পাৰে ৷ নিদ্ৰাহীনতাই দিনটো আপোনাক অশান্তি দিব ৷

সিংহ ৰাশি: কৰ্মত সফলতা ৷ ভাতৃ ভগ্নীৰ লগত আৰু বন্ধুৰ লগত সম্বন্ধ উন্নত হ’ব আৰু সকলো মিলি বনভোজ বা সৰু ভ্ৰমণত যাব পাৰে ৷ শৰীৰ আৰু ধনৰ দিশ লাভজনক ৷ নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এইটো এটা সুন্দৰ সময় ৷

কন্যা ৰাশি: আজি আপোনাৰ পাৰিবাৰিক সমস্যা দুৰ হ’ব আৰু ধনৰ দিশ উন্নত হ’ব ৷ বিপৰিত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক আৰু যিবোৰ আলোচনাৰ অন্ত কাজিয়াত শেষ হয় তেনে আলোচনাৰ পৰা আঁতৰত থাকক ৷ প্ৰিয়জনক বা বন্ধুক লগ কৰক , ভাল লাগিব ৷

তুলা ৰাশি: আপুনি কৰা প্ৰত্যেক কামতে নিজৰ আত্মবিশ্বাসৰ পৰিচয় দিব পাৰিব ৷ ব্যৱসায় আৰু ধনৰ দিশত সকলো কাম সময়ত শেষ কৰিব পাৰিব ৷ আপোনাৰ চিন্তাধাৰাত সবলতাৰ পৰিচয় দিব ৷ শৰীৰৰ আৰু বৌদ্ধিক দিশত গণেশৰ আৰ্শীবাদ লাভ কৰিব ৷ গহনা বা কাপোৰ কিনাত টকা খৰচ কৰি আনন্দ পাব ৷ কলাসন্মত কামত সফলতা লাভ কৰিব ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ টকা খৰচ হ’ব । মানসিকভাৱেও আপুনি উত্তম অৱস্থাত নাথাকিব যেন লাগিছে । আজি আপুনি দুৰ্ঘটনাত পৰিব পাৰে, গতিকে অতি-সতৰ্ক হৈ থাকক । আনকি আনৰ সৈতে কথা পতাৰ সময়তো আপুনি হয়তো অজানিতেই এনেকুৱা কথা কৈ দিব পাৰে যে, সেয়া শুনি মানুহে বেয়া পাব পাৰে, যাৰ ফলত শত্ৰুতাৰ সৃষ্টি হ’ব পাৰে । আজি আপুনি ৰক্তচাপ সম্বন্ধীয় সমস্যাত পৰিব পাৰে আৰু ধৈৰ্য ধৰি আপুনি আজি মুঠেও থাকিব নোৱাৰিব । ন্যায়ালয় সম্বন্ধীয় বিষয়ত সতৰ্ক থাকক ।

ধনু ৰাশি: আজি দিনটো আপোনাৰ বহুত কৰ্মব্যস্তাত পাৰ হ’ব । আপুনি কৰ্মক্ষেত্ৰত, ঘৰত আৰু আনকি সমাজত সফলতা পালেও এই সফলতাক উপভোগ কৰাৰ পৰ্যাপ্ত সময় নাপাব । আপুনি হয়তো বন্ধুসকলৰ সৈতে বহুত ভাল সময় কটাই আছে, কিন্তু আপোনাৰ মনত পৰি থাকিব সেইজনৰ কথা যিজন আপোনাৰ অন্তৰৰ বিশেষ মানুহ । আপুনি যদি আপোনাৰ জীৱনৰ বিশেষ কোনো মানুহক বিচাৰি আছে, তেতিয়া হ’লে আজি তেওঁৰ সন্ধান পাব ।

মকৰ ৰাশি: আজিৰ দিনটো আপুনি বহুত সংঘৰ্ষ কৰিব লাগিব । ব্যৱসায় অন্যান্য দিনৰ দৰে আজি ইমান ভাল নহ’ব । আপোনাৰ স্বাস্থ্য কিছু
ভাল দেখা যোৱা নাই । এনেকুৱা কোনো বস্তুৰপৰা দূৰত থাকক। কিন্তু আজিৰ দিনটো আপোনাৰ বাবে ইতিবাচক হৈ থাকিব । ব্যৱসায়ৰ কাৰণে ভ্ৰমণ কৰিলে ভৱিষ্যতত তাৰপৰা লাভ হোৱাৰ সম্ভাৱনা আছে । আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত ভাল হৈ থাকিব ।

কুম্ভ ৰাশি: আজি আপোনাৰ দিনটো মিশ্ৰ । আপোনাৰ স্বাস্থ্য আজি বৰ ভাল নাথাকিব, তাৰ বাবে আপুনি আমনি পাই থাকিব ।আপুনি কামত ইমানেই মগ্ন হৈ থাকিব যে আপুনি নিজৰ অসুস্থতাৰ কথা পাহৰিয়ে যাব । আপোনাৰ এই অসুস্থতাই হয়তো আপোনাৰ কৰ্মক্ষমতাক কিছু পৰিমাণে হ’লেও হ্ৰাস কৰি দিব । আনন্দ উপভোগ বা ব্যৱসায়াৰ বাবে সৰু সুৰা ভ্ৰমণ হ’ব পাৰে ।

মীন ৰাশি: স্বাস্থ্য আৰু ভাগ্যৰ দিশত আজিৰ দিনটো মধ্যমীয়া । অত্যধিক প্ৰয়াস পাবলগীয়া কাম আজি নকৰাই ভাল । আপোনাৰ শৰীৰ-মন আজি উত্তম অৱস্থাত নাথাকিব । আচলতে আপোনাৰ সন্মুখত আজি এনেকুৱা কিছু প্ৰত্যাহ্বান আহিব যে, তাৰ পৰা হাত সাৰিব নোৱাৰিব । কিন্তু সেই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হৈ আপুনি তাৰ ভাল ফলহে পাব ।