Local, Vocal, Global

Daily Horoscope for 15th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ । মানসিক অস্থিৰতা হ’ব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক। অফিচৰ কামত ভ্ৰমণৰ সম্ভাৱনা আছে । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ।

বৃষ ৰাশি : বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত আপোনাৰ হাতৰপৰা সুযোগ গুচি যাব পাৰে । ভ্ৰমণ পিচুৱাব পাৰে ৷ নতুন কোনো কাম হাতত নল’ব।

মিথুন ৰাশি : আৰ্থিক দিশত লাভাবন্বিত হ’ব ৷ স্বাস্থ্য উত্তম । অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে । হতাশা আৰু লাজৰ চিকাৰ নহ’ব।

কৰ্কট ৰাশি: আপুনি বিভ্ৰান্ত হৈ থাকিব ৷ মনত খেলিমেলি লাগিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক । আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে ।

সিংহ ৰাশি : লাভৰ যোগ আছে । সুন্দৰ ঠাইত ফুৰিবলৈ যাব পাৰে । মন স্থিৰ কৰক ৷

কন্যা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে অনুকূল ৷ ব্যৱসায়ীসকলৰ বাবে শুভ । পৰিয়ালত সুখ আৰু শান্তি বৰ্তাই থাকিব।

তুলা ৰাশি : ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক। বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ বাবে শুভ । তীৰ্থযাত্ৰাত যাব পাৰে ।

বৃশ্চিক ৰাশি : সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ সতৰ্ক হৈ থাকক ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে।

ধনু ৰাশি : দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব ।আপুনি অইন সংস্কৃতিৰ কোনো আকৰ্ষণীয় মানুহক লগ পাব পাৰে । সংগীৰ সৈতে এক শিহৰণকাৰী সম্পৰ্ক উপভোগ কৰিব ।

মকৰ ৰাশি : ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে লাভদায়ক হ’ব । সকলো কাম পৰিকল্পনা অনুসৰি হ’ব । আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে ।

কুম্ভ ৰাশি : আজি আপোনাৰ চিন্তা আৰু কথাবতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে । ব্যয়ৰ যোগ আছে ।

মীন ৰাশি : পৰিয়ালৰ লোকৰ সৈতে বিবাদ হ’ব পাৰে ৷ তৰ্ক-বিতৰ্ক এৰাই চলক । শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল আৰু নিশকতীয়া অনুভৱ কৰিব।