Local, Vocal, Global

Daily Horoscope for 14th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব । নেতিবাচক চিন্তাৰপৰা দূৰত থাকক ৷ স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলক ৷

বৃষ ৰাশি : সুন্দৰ অনুভূতিক উপভোগ কৰক ৷ নিজক সুস্থ, সবল অনুভৱ কৰিব । আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব।

মিথুন ৰাশি : আজি শাৰীৰিক আৰু মানসিক অৱস্থা বৰ ভাল নহয় । আজি কিছু অশান্তিত আৰু প্ৰাণহীন হৈ থাকিব । স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকু আপোনাক কষ্ট দিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে । ভুল বুজাবুজিৰ প্ৰবল সম্ভাৱনা আছে । আজি আয়ৰ তুলনাত ব্যয় অধিক হ’ব ।

ককৰ্ট ৰাশি : দিনটো আনন্দ-স্ফূৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ।ৰাজহৰ উৎস বৃদ্ধি ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে । আজিৰ দিনটো ভাল ।

সিংহ ৰাশি : আজি আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব ৷ ইচ্ছা শক্তি প্ৰবল হ’ব । আজিৰ দিনটো উপভোগ কৰক ! আজিৰ দিনটো অত্যন্ত ভাল ।

কন্যা ৰাশি : আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে। বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন ।বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময়টো অনুকূল । বিদেশত বসবাসকাৰী প্ৰিয়জনসকলৰপৰা সুসংবাদ পাব পাৰে । আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব ।

তুলা ৰাশি : সকলো ধৰণৰ আলাপ-আলোচনাৰ সময়ত নিজৰ উপৰত নিয়ন্ত্ৰণ ৰাখি চলক । ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ আধ্যাত্মিকতাৰ মাজত শান্তি বিচাৰি লওঁক, ধনসঞ্চয় কৰক ।

বৃশ্চিক ৰাশি : দিনটো স্বাভাৱিক দিনৰ নহয় । বিভিন্ন ধৰণৰ ঘটনা ঘটিব পাৰে ৷ বিলাসী নৈশভোজৰ সৈতে আনন্দ-স্ফূৰ্তি কৰিব । নিজৰ পছন্দৰ কানি কাপোৰ পিন্ধাৰ নামত ব্যস্ত হৈ থাকিব পাৰে । গাড়ীত উঠি ভ্ৰমণ কৰিলে সুখ-আনন্দ বৃদ্ধি পাব ।

ধনু ৰাশি : দিনটো আনন্দপূৰ্ণ ৷ আনৰ প্ৰতি সন্তুষ্ট হৈ থাকিব । ইতিবাচক মনোভাৱ উপভোগ কৰিব ৷ সকলো ধৰণৰ সাংসাৰিক বিষয়ৰ বাবে দিনটো বৰ ভাল । ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব, যি আপোনাৰ অধিক আনন্দ প্ৰদান কৰিব । আৰ্থিক লাভৰ যোগ ।

মকৰ ৰাশি : গ্ৰহৰ অৱস্থান আজি ভাল নহয় । বহুত চিন্তাত থাকিব, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে । মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব ৷ কৰ্মক্ষেত্ৰত কোনো উচ্চপদাধিকাৰী বিষয়াই কোনো বিষয়ক লৈ নিজৰ অসন্তোষ ব্যক্ত কৰিব পাৰে ।

কুম্ভ ৰাশি : আজি আৱেগিক হৈ থাকিব। মানসিক সুখ-শান্তিৰ অভাৱে কষ্ট দিব । পঢ়ুৱৈসকলে পঢ়াশুনাত সফল হ’ব । আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰক লৈ সাৱধানে থাকিব ।

মীন ৰাশি : সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব । কৰ্মক্ষেত্ৰত আপুনি অধিকতম উজ্জ্বল হৈ থাকিব । গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত । দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা । বন্ধুসকলৰ সৈতে আনন্দ-ফুৰ্তি কৰাৰ বাবে সৰুসুৰা ভ্ৰমণৰ যোগ আছে।