Local, Vocal, Global

Daily Horoscope for 14th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : চৰকাৰী কোনো সাহায্য লাভৰ সম্ভাৱনা । কামৰ কাৰণে ভ্ৰমণত যাব পাৰে । ঘৰৰ পৰিৱেশ আনন্দমুখৰ । কামৰ বোজা বৃদ্ধি । মাতৃৰ স্বাস্থ্য উন্নত ।

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ভৱিষ্যতৰ পৰিকল্পনাও কৰিব পাৰে । বিদেশ ভ্ৰমণৰ যোগ ৷ ধৰ্মীয় স্থান ভ্ৰমণৰ যোগ ৷ আধ্যাত্মিকতা বৃদ্ধি । স্বাস্থ্যৰ যতন ল’ব ।

মিথুন ৰাশি : দিনটো বিশেষ শুভ নহয় ৷ সতৰ্ক থাকক । শাৰীৰিকৰ লগতে মানসিকভাৱেও হতাশ হৈ থাকিব পাৰে । বিবাদ এৰাই চলক ৷ অধিক ব্যয় হ’ব পাৰে ৷

ককৰ্ট ৰাশি : দিনটো মধ্যমীয়া ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে দিনটো কটাব পাৰে । কৰ্মক্ষেত্ৰত আৰ্থিক লাভ । ভ্ৰমণৰ যোগ ৷

সিংহ ৰাশি : দিনটো কিছু কঠিনতাৰ মাজেৰে পাৰ হ’ব ৷ বিভিন্ন কাৰণত মনটো বেয়া লাগিব পাৰে । কামত বাধা আহিব পাৰে । কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায় নাপাব পাৰে ৷

কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ শিক্ষাৰ্থীৰ বাবে দিনটো কঠিন । সন্তানক লৈ চিন্তা হ’ব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ।

তুলা ৰাশি : এলেহুৱা আৰু উদ্বেগ অনুভৱ কৰিব । মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো ফলদায়ক । আৰ্থিকভাৱে লাভবান হ’ব পাৰে । প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে দিনটো শুভ । ভ্ৰমণৰ যোগ ৷ মানসিক স্বাস্থ্য উন্নত ৷

ধনু ৰাশি : ঘৰুৱা পৰিৱেশ প্ৰতিকূল । কিছু চিন্তিত হৈ থাকিব পাৰে ৷ পৰাপক্ষত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব । কাৰ্যালয়ৰ লগতে ঘৰুৱা কামৰ হেঁচা বৃদ্ধি ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ কষ্টৰ ফলত লাভ ৷ সন্মান বৃদ্ধি ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ বৈবাহিক সম্বন্ধীয় কামৰ বাবে ভাল সময় ৷ প্ৰিয় বন্ধুক লগ পাব ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ ধাৰ লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা আঁতৰত থাকক ৷ আপোনজনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যতন লওক ৷

মীন ৰাশি : হঠাতে আৰ্থিক লাভৰ যোগ ৷ সন্তানক লৈ সু-সংবাদ পাব পাৰে ।সামাজিক অনুষ্ঠানলৈ যাব পাৰে ৷ সুখকৰ ভ্ৰমণৰ যোগ ।